
বজালী, ১১ মাৰ্চ (হি.স.)। বজালীত এক শোকাৱহ ঘটনা সংঘটিত হৈছে | শোৱাপাটীতে মৃত্যু হৈছে এগৰাকী মহিলাৰ |
মৃত মহিলা গৰাকী বজালীৰ কালিঘাটৰ দিপালী দাস (৫২) বুলি জানিব পৰা গৈছে্| মহিলা গৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই | ইফালে ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈছে পাঠশালা আৰক্ষীৰ লগতে ফৰেনচিকৰ দল |
আৰক্ষী তথা ফৰেনচিকৰ দলে মৃতদেহটো পৰীক্ষা কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।মহিলাগৰাকীৰ কিদৰে মৃত্যু হল নে এয়া কোনো হত্যাকাণ্ডৰ ঘটনা এই সকলো দিশ চালি জাৰি চাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা