
তেহৰাণ, ১১ মাৰ্চ (হি.স.)। ইৰাণৰ তেল ডিপোত আক্ৰমণৰ পিছত বিষাক্ত ধোঁৱাৰ ডাঠ ডাৱৰ বায়ুমণ্ডললৈ বিয়পি পৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বিশ্ব স্বাস্থ্য সংস্থাই ‘ক’লা বৰষুণ’ বা বিষাক্ত বৰষুণৰ সম্ভাৱনাৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি তেল ডিপোত সংঘটিত আক্ৰমণৰ পিছতে বতাহত বৃহৎ পৰিমাণৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ নিৰ্গত হৈছে। এই ৰাসায়নিক পদাৰ্থসমূহৰ ভিতৰত বিষাক্ত হাইড্ৰ’কাৰ্বন, চালফাৰ অক্সাইড, নাইট্ৰ’জেন যৌগ আদি অন্তৰ্ভুক্ত, যাৰ ফলত তেল মিহলি বৰষুণৰ সৃষ্টি হ’ব পাৰে।
এই প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা, মূৰৰ বিষ, চকু আৰু ছালৰ বিষ হ’ব পাৰে বুলি সংস্থাটোৱে সকীয়াই দিছে। দীৰ্ঘদিন এনে বিষাক্ত প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে।
ডব্লিউ এইচ অ’ই ইৰাণৰ নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু সম্ভৱ হ’লে ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰিও প্ৰদূষিত বৰষুণৰ পৰা আঁতৰি থাকিবলৈ আৰু মাস্ক পৰিধানৰ দৰে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে।
বিশেষজ্ঞসকলৰ মতে যদি তৈল প্ৰতিষ্ঠানৰ জুই আৰু ধোঁৱা শীঘ্ৰে নিয়ন্ত্ৰিত নহয় তেন্তে ইয়াৰ পৰিবেশ আৰু কাষৰীয়া অঞ্চলৰ জনস্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব পাৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ