
কোকৰাঝাৰ, ১১ মাৰ্চ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ সদৰ চহৰৰ গোসাঁইগাওঁ প্ৰেছ ক্লাবত যোৱা কালি মঙলবাৰে বিয়লিইউপিপিএল বেংগলী চেল গোসাঁইগাওঁ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। সভাৰ অন্তিম ক্ষণত সংবাদ মেল সম্বোধন কৰি বডোলেণ্ড এলেকাত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ মাজত ঐক্য বৃদ্ধি আৰু উন্নয়নৰ কাম আগবঢ়াবলৈইউপিপিএল দলে বেংগলী জনগোষ্ঠীৰ বাবে নতুন চেল গঠন কৰে আৰু তাৰ বাবে প্ৰমোদ বড়োক ধন্যবাদ জনায়।
বিধান সভা নিৰ্বাচনত বেংগলী চেলে বেংগলী অধ্যুষিত এলেকাত গাঁৱে ভূঞে নৱ গঠিত ইউপিপিএল বেংগলী চেলৰ কৰ্মী সকলে প্ৰচাৰ অভিযান আৰম্ভ কৰিব বুলিও তেওঁলোকে সদৰি কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ