বিলাসীপাৰা বিধানসভা সমষ্টিত বিজেপি দলৰ পৰা কোচ ৰাজবংশী লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী
বিলাসীপাৰা জিলা ইউ জি আক্ৰাছুৰ লগতে মহিলা সমিতিৰ সংবাদ মেল।
বিলাসীপাৰা বিধানসভা সমষ্টিত বিজেপি দলৰ পৰা কোচ ৰাজবংশী লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী


ধুবুৰী, ১১ মাৰ্চ (হি.স.): বিলাসীপাৰা বিধানসভা সমষ্টিত বিজেপি দলৰ পৰা কোচ ৰাজবংশী লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী তুলিছে। কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলক বিজেপি চৰকাৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ বিৰুদ্ধে সৰব হৈ পৰে জনগোষ্ঠীটো। যেনেকৈ বিটিচি নিৰ্বাচনত কোচ ৰাজবংশী লোকসকলে মুখ্য ভূমিকা পালন কৰিছিল ঠিক তেনেকৈ আগন্তুক বিধানসভা নিৰ্বাচনত ১০ নং বিলাসীপাৰা সমষ্টিত মুখ্য ভূমিকা পালন কৰাৰ হুংকাৰ দিয়ে ।

উল্লেখ্য় যে ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিত বিজেপি দলৰ পৰা কোচ ৰাজবংশী লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে কোচ ৰাজবংশী লোকসকলে বিকল্প চিন্তা কৰাৰ সকীয়নী দিছে সদৌ বিলাসীপাৰা জিলা ইউ জি আক্ৰাছুৱে । উল্লেখ্য যে চাপৰত কালি সন্ধিয়া বিলাসীপাৰা জিলা ইউ জি আক্ৰাছুৰ লগতে মহিলা সমিতিৰ সংবাদ মেলৰ জৰিয়তে ১০ নং বিলাসীপাৰা সমষ্টিত কোচ-ৰাজবংশীৰ সম্প্ৰদায়ৰ প্ৰাৰ্থী বিচাৰে লগতে কোচ ৰাজবংশী মহিলা সকলৰ দাবী ২০১৬ আৰু ২০২১ চনত কোচ-ৰাজবংশী লোক সকলে বিজেপি দলক ভোট দি চৰকাৰ গঠন কৰাত সহায় কৰিছে আৰু ২০২৬ চনত ও বিজেপি দলক ভোট দিব কিন্তু প্ৰাৰ্থী এইবাৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ হ’ব লাগিব।যদি বিজেপি দলে কোচ-ৰাজবংশী লোক সকলৰ দাবী অনুৰোধ মানি নলয় তেন্তে জনগোষ্ঠীৰ লোক সকলে বিকল্প চিন্তা কৰিব বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande