
গুৱাহাটী, ১১ মাৰ্চ (হি.স.)। বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে তিনি গভাইত চোৰ । মঙ্গলবাৰে ভেল্লাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰ তিনিটাক । চোৰকেইটাক ক্ৰমে নিতুল আলী, জিতু আলী আৰু মিৰাজুল আলী বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে চোৰৰ দলটোৰ পৰা জব্দ কৰে এ এছ ০১ এফ ৱাই ১৫৩০ নম্বৰৰ এখন বাহন আৰু নগদ ১০ হাজাৰ টকা ।
আৰক্ষীয়ে লগতে উদ্ধাৰ কৰে ১০ কেজি ওজনৰ চুৰি কাঁহৰ কাঁহী বাটি । জানিব পৰা অনুসৰি যোৱা ৮ তাৰিখে লখৰাস্থিত সৰ্থেবাৰী শিল্পালয়ত চোৰৰ দলটোৱে চুৰিকাণ্ড সংঘটিত কৰি এই সামগ্ৰীখিনি চুৰি কৰি নিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
দোকানৰ স্বত্বাধিকাৰী অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে চোৰকেইটাক কৰায়ত্ত কৰে । চোৰৰ দলটোৱে প্ৰায় ৬ লাখৰ টকাৰ সামগ্ৰী চোৰ কৰিছিল । চোৰৰ দলটোৱে মহানগৰীৰ ভিন্ন ঠাইত বিগত বহু সময়ৰ পৰা এনেদৰে চুৰি কাৰ্য্যসম্পন্ন কৰি আহিছিল বুলিও আৰক্ষীয়ে সদৰী কৰিছে । আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰতিনিটাক জেৰা চলায় থকা বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী