তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত থিয়েটাৰ কৰ্মশালা সম্পন্ন
শোণিতপুৰ, ১১ মাৰ্চ (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিকৰ শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰমৰ অংশ হিচাপে ''থিয়েটাৰ কৰ্মশালা'' আৰম্ভণী অনুষ্ঠান আৰু এক বিশেষ ‘অন্তৰংগ আলাপ’ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । ''থিয়েটাৰ কৰ্মশাল
তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত থিয়েটাৰ কৰ্মশালা  সম্পন্ন


তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত থিয়েটাৰ কৰ্মশালা  সম্পন্ন


তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত থিয়েটাৰ কৰ্মশালা  সম্পন্ন


শোণিতপুৰ, ১১ মাৰ্চ (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিকৰ শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰমৰ অংশ হিচাপে 'থিয়েটাৰ কৰ্মশালা' আৰম্ভণী অনুষ্ঠান আৰু এক বিশেষ ‘অন্তৰংগ আলাপ’ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । 'থিয়েটাৰ কৰ্মশালা'ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্য পৰিচালক তথা সুদক্ষ অভিনেতা জ্যোতি নাৰায়ণ নাথ আৰু 'অন্তৰংগ আলাপ' অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে বিভাগীয় প্ৰধান ড° জুৰি দত্তই।

বিশেষ বক্তৃতানুষ্ঠানত নাট্য পৰিচালক জ্যোতি নাৰায়ণ নাথে A Director's Journey : Twenty Year of Theatre Making শীৰ্ষক এক সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে। বক্তৃতাত তেখেতে নাটকৰ সাহিত্য-পাঠ এটাৰ পৰা পৰিৱেশন শৈলীলৈকে আৰু নাটকৰ বিষয়বস্তুৰ পৰা আংগিকৰ নতুন সম্পৰীক্ষালৈকে বিভিন্ন দিশ সামৰি লয়। লগতে তেখেতে নাটক এখনৰ সফল মঞ্চ ৰূপায়ণৰ ক্ষেত্ৰত নাটকৰ গাঁথনিক দিশৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সন্দৰ্ভত এক চিন্তা উদ্ৰেককাৰী আলোচনা আগবঢ়ায়। 'অন্তৰংগ আলাপ' অনুষ্ঠানত উপস্থিত থাকি ৰীমা দাসে জীৱন সংগ্ৰামৰ পৰা জীৱনক উদ্যাপন কৰালৈকে, কেমেৰাৰ পৰা চলচ্চিত্ৰ নিৰ্মাণ কৰালৈকে তেখেতৰ চলচ্চিত্ৰ নিৰ্মাণ যাত্ৰাৰ বিষয়ে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰে। লগতে তেখেতে তেখেতৰ চিনেমাত মানুহ আৰু প্ৰকৃতিৰ মাজৰ সহাৱস্থানৰ কথাও উল্লেখ কৰে। লগতে অনুষ্ঠানত উপস্থিত থাকে 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ মূল 'ধুনু' চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ভনিতা দাস । তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক-শিক্ষাৰ্থীসকলৰ লগতে বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ আঁত ধৰে বিভাগৰ গৱেষক-শিক্ষাৰ্থী মায়াশ্ৰী বড়াই।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande