সোণাৰিত বুজন পৰিমাণৰ সজীৱ গুলী জব্দ আৰক্ষীৰ
চৰাইদেউ, ১১ মাৰ্চ (হি.স.)। সোণাৰিত বুজন পৰিমাণৰ গুলী জব্দ আৰক্ষীৰ। সোণাৰি নামতোলা পথৰ পানীগছ অঞ্চলত আৰক্ষীয়ে তালাচী চলাই ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মনলৈ গৈ থকা এন এল ০৪ চি ৩৫৯৮ নম্বৰৰ এখন বলেৰ বাহনৰ পৰা পইণ্ট ২২ৰ এশ ৰাউণ্ড সজীৱ গুলীৰ লগতে পইণ্ট ৩২ৰ পঞ
সোণাৰিত বুজন পৰিমাণৰ সজীৱ গুলী জব্দ আৰক্ষীৰ


চৰাইদেউ, ১১ মাৰ্চ (হি.স.)। সোণাৰিত বুজন পৰিমাণৰ গুলী জব্দ আৰক্ষীৰ। সোণাৰি নামতোলা পথৰ পানীগছ অঞ্চলত আৰক্ষীয়ে তালাচী চলাই ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মনলৈ গৈ থকা এন এল ০৪ চি ৩৫৯৮ নম্বৰৰ এখন বলেৰ বাহনৰ পৰা পইণ্ট ২২ৰ এশ ৰাউণ্ড সজীৱ গুলীৰ লগতে পইণ্ট ৩২ৰ পঞ্চাশ ৰাউণ্ড সজীৱ গুলী জব্দ কৰিছে।

এইদৰে অবৈধ ভাবে গুলী সৰবৰাহ কৰা নাগালেণ্ডৰ টিংয়ন কন্যাক নামৰ লোকজনক চৰাইদেউ আৰক্ষীয়ে আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande