পৰ্বতঝোৰাৰ টিপকাই ৰাঙামাটিত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি
পৰ্বতঝোৰাৰ টিপকাই ৰাঙামাটিত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি।
পৰ্বতঝোৰাৰ টিপকাই ৰাঙামাটিত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি


কোকৰাঝাৰ, ১১ মাৰ্চ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ টিপকাই ৰাঙামাটিত দেখিবলৈ পোৱা গৈছে পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । স্বামী স্ত্ৰীৰ কাজিয়াৰ পৰিণতিত চিপজৰী লৈ আত্মহত্যা কৰিলে স্বামীয়ে । এই অভিযোগ আমাৰ নহয় এই অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে।

যোৱা কালি বিয়লি বিটিচিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ টিপকাই আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙামাটি গাঁৱৰ এজন ২৮ বছৰীয়া তেজাল যুৱকে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই টিপকাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখ্য যে টিপকাই ৰাঙামাটি গাঁৱৰ ছামছেদ ব্ৰহ্ম নামৰ তেজাল যুৱক জনে নিজৰ পত্নীৰ লগত পাৰিবাৰিক কাজিয়াৰ পৰিণতিত ভয়ংকৰ সিদ্ধান্ত বাছি ল'লে বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপিত কৰিছে। ইতিমধ্যে টিপকাই আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande