শ্ৰীলংকাৰ ইৰাণৰ জাহাজ ডেনাৰ পৰা ৮৪ জন নাৱিকৰ মৃতদেহ দূতাবাসলৈ গতাই দিবলৈ নিৰ্দেশ
কলম্বো, ১১ মাৰ্চ (হি.স.)। শ্ৰীলংকাৰ জলসীমাত আমেৰিকাৰ টৰ্পিডোৱে ডুবাই পেলোৱা ইৰাণৰ জাহাজ ডেনাৰ ৮৪ জন নাৱিকৰ মৃতদেহ ঘূৰাই অনাৰ পথ মুকলি হৈছে। যোৱা ৪ মাৰ্চৰ পৰা শ্ৰীলংকাৰ গালে ৰাষ্ট্ৰীয় চিকিৎসালয়ত মৃতদেহ ৰখা হৈছে । গালেৰ মুখ্য দণ্ডাধীশ সমীৰা দোডা
2d6d60bdc0f64f7c25721d1266e664dd_1622472774.jpg


কলম্বো, ১১ মাৰ্চ (হি.স.)। শ্ৰীলংকাৰ জলসীমাত আমেৰিকাৰ টৰ্পিডোৱে ডুবাই পেলোৱা ইৰাণৰ জাহাজ ডেনাৰ ৮৪ জন নাৱিকৰ মৃতদেহ ঘূৰাই অনাৰ পথ মুকলি হৈছে। যোৱা ৪ মাৰ্চৰ পৰা শ্ৰীলংকাৰ গালে ৰাষ্ট্ৰীয় চিকিৎসালয়ত মৃতদেহ ৰখা হৈছে । গালেৰ মুখ্য দণ্ডাধীশ সমীৰা দোডাংগোডাই আজি গালে ৰাষ্ট্ৰীয় চিকিৎসালয়ৰ সঞ্চালকক শ্ৰীলংকাত থকা ইৰাণৰ দূতাবাসত থকা ৮৪ জন ইৰাণী নাৱিকৰ মৃতদেহ গতাই দিবলৈ নিৰ্দেশ দিয়ে।

শ্ৰীলংকাৰ কাকত ডেইলী মিৰৰে প্ৰকাশ কৰা অনুসৰি স্থানীয় সময় অনুসৰি পুৱা ১১ বজাত এই নিৰ্দেশ জাৰি কৰা হৈছে। গালে বন্দৰ আৰক্ষীয়ে আদালতক অনুৰোধ কৰিছিল। সম্প্ৰতি আটাইকেইটা মৃতদেহ চিকিৎসালয়ৰ চৌহদত দুটা ভ্ৰাম্যমাণ শীতল ষ্ট’ৰেজ ইউনিটত মজুত কৰি ৰখা হৈছে। শ্ৰীলংকা কৰ্তৃপক্ষই দেশখনৰ দক্ষিণ উপকূলত আমেৰিকাৰ চাবমেৰিনে আক্ৰমণৰ পিছত ডুব যোৱা ইৰাণৰ নৌসেনাৰ জাহাজৰ মৃতদেহ উদ্ধাৰ কৰে ।

শ্ৰীলংকাৰ এই ঘোষণাৰ পিছতে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে উল্লেখ কৰে যে আমেৰিকাৰ এখন চাবমেৰিনে ইৰাণৰ যুদ্ধজাহাজ ডেনা আন্তঃৰাষ্ট্ৰীয় জলসীমাত ডুবাই পেলাইছে । তেওঁ উল্লেখ কৰে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত শত্ৰুৰ জাহাজ টৰ্পিডোৰে ডুব যোৱাৰ এইটো প্ৰথম কাণ্ড। শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় নৌসেনাৰ অনুশীলনত অংশগ্ৰহণ কৰিছিল জাহাজখনে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande