পানীৰ নামত ৰোগীক বৰবিহ যোগান শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ
পানীৰ নামত ৰোগীক বৰবিহ যোগান শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ।
পানীৰ নামত ৰোগীক বৰবিহ যোগান শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ


শিৱসাগৰ, ১১ মাৰ্চ (হি.স.):পানীৰ নামত ৰোগীক বৰবিহ যোগান ধৰাৰ অভিযোগ উঠিছে শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে । পানী যোগান ধৰা টেংকীৰ কদৰ্য্যময় পৰিৱেশ । শেলুৱৈ, কীট পতংগ, হাবি বনেৰে ভৰি পৰা টেংকীৰ পৰাই ৰোগীক তথা চিকিৎসালয়ৰ কৰ্মচাৰীৰ চৰকাৰী আবাসলৈ পানী যোগান। ৰোগীয়ে অজ্ঞাতেই সেৱন কৰিছে দূষিত পানী । বিকল নতুনকৈ নিৰ্মাণ কৰা জল জীৱন আঁচনিৰ অধীনৰ পানী যোগান আঁচনি । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ম্যাদ উকলি যোৱা আঁচনিৰ পৰাই যোগান ধৰা হৈছে খোৱা পানী।

এশ এবুৰি সমস্যাৰে জৰ্জৰিত শিৱসাগৰ অসামৰিক চিকিৎসালয়খন সাধাৰণ লোকৰ একমাত্ৰ ভৰসাৰ স্থল । দৈনিক চিকিৎসালয়খনলৈ চিকিৎসাৰ বাবে আহে জিলাখনৰ হাজাৰ হাজাৰ লোক । আন্তঃগাঁথনি উন্নয়নৰ নামত চিকিৎসালয় কৰ্তৃপক্ষৰ এনে কৰ্মকাণ্ডই স্তম্ভিত কৰিছে ৰাইজক । নিৰ্বাচনত জয় কৰাৰ পাছতেই চিকিৎসালয়খনৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰি অসামৰিক চিকিৎসালয়খন সকলো দিশ উন্নয়নৰ আশ্বাস প্ৰদান কৰিছিল বিধায়ক অখিল গগৈয়ে । আশ্বাসতে অন্ত পৰিল অখিল গগৈৰ চিকিৎসালয় উন্নয়নৰ নাটকৰ যৱনিকা । ৰোগীক দূষিত পানী যোগান ধৰাৰ পাছতো কাণসাৰ নাই চিকিৎসালয়খনৰ অধীক্ষক তথা যুটীয়া স্বাস্থ্য সঞ্চালকৰ । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তইও মন্ত্ৰীত্ব কালত কেইবাবাৰো পৰিদৰ্শন কৰিছে চিকিৎসালয়খন।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আশ্বাস প্ৰদান কৰিছিল । ফুটুকাৰ ফেনত পৰিণত হৈছে স্বাস্থ্য মন্ত্ৰীৰ আশ্বাস। পানী যোগান আচনিৰ কদৰ্য্যময় ৰূপ প্ৰত্য়ক্ষ কৰি ক্ষোভিত জাতীয় সংগ্ৰামী সেনা অসম । শীঘ্ৰেই স্বাস্থ্য বিভাগ আৰু যুটীয়া স্বাস্থ্য সঞ্চালকক ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে । অন্যথা প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণৰ হুংকাৰ দিছে জাতীয় সংগ্ৰামী সেনা অসমে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande