
ধুবুৰী, ১১ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ মুছলমানপাৰাত যোৱা কালি মঙ্গলবাৰে বিয়লি এক পথ দুৰ্ঘটনা সংঘটিত হয়। চাৰিচকীয়া বাহন আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘর্ষৰ ফলত এই দুৰ্ঘটনাটো ঘটে। দুৰ্ঘটনাত গুৰুতৰ আহত হয় মটৰ চাইকেল আৰোহী। মটৰ চাইকেল আৰোহী জন আব্দুল হাই আকন্দ বুলি পৰিচয় পোৱা গৈছে।
জানিব পৰা মতে আব্দুল হাই আকন্দ হাতীধুৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উপ অধ্যক্ষ । স্কুলত অনুষ্ঠিত পৰীক্ষাৰ অন্তত ঘৰলৈ যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা । আব্দুল হাইৰ ঘৰ তামাৰহাটৰ কাছাৰীগাঁৱত । ১২৭(বি) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনৰ নম্বৰ AS এএছ ১৭ এছ ৫৭৮৮ আৰু মটৰ চাইকেলৰ নম্বৰ এএছ ১৬ ই ৪৯৩২ বুলি কোৱা হৈছে। দূৰ্ঘটনাত গুৰুতৰ আহত আব্দুল হাই আকন্দক তামাৰহাট চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত আহত আব্দুল হাই আকন্দক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ