
দৰং, ১১ মাৰ্চ (হি.স.): দৰং জিলাৰ মঙলদৈত যোৱা কালি বিয়লি দুৰ্ঘটনাগ্ৰস্ত হয় এখন স্কুল ভান ৷ এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ। মঙলদৈ বেজপাৰা পথাৰত বাগৰি পৰিল স্কুলৰ কন কন ছাত্ৰ-ছাত্ৰীৰ কঢ়িয়াই অনা চাৰিচকীয়া বাহন।
দুৰ্ঘটনা আহত ছাত্ৰ ছাত্ৰীসকলক ততালিকে আটাইকে মঙলদৈৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আঘাতপ্ৰাপ্ত আটাইকেইজন ব্যক্তিগত খণ্ডৰ বিদ্যালয় গুৰুকুল গ্ৰুপ অফ ইদুকেচনেল উইংচ ছাত্ৰ ছাত্ৰী আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ