
কোকৰাঝাৰ, ১১ মাৰ্চ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত যোৱা কালি মঙলবাৰে বিয়লি চাঁওতাল ছাত্ৰ সন্থাই সংবাদ মেল পাতি প্ৰধানমন্ত্ৰীয়ে চাঁওতাল সকলক প্ৰতাৰণ কৰাৰ অভিযোগ তোলে । ছয় মাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে প্ৰতিশ্ৰুতি নহ’ল। চাঁওতাল জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ প্ৰতিবাদত ১৩ মাৰ্চত প্ৰধানমন্ত্ৰীৰ জনসভাক বহিস্কাৰ ঘোষণা কৰিছে সংগঠনটোৱে ।
প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ সভাত অংশগ্ৰহণ কৰা চাঁওতাল সকলক জাতি বিদ্বেষী বুলি গণ্য কৰা হ’ব। গোসাইগাঁও বিধানসভা সমষ্টিৰ পৰা চাঁওতাল জনগোষ্ঠীৰ লোকক ডিলিমেটশৰ জৰিয়তে সংখ্যা কমাই দিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । ডিলিমেটশত অশোক সিংহালক জগৰীয়া কৰি অনাগত দিনত অশোক সিংহালৰ সভাত সিংহালক কলা গামোছাৰে আদৰনী জনোৱাৰ বিৰুদ্ধেও হুংকাৰ দিয়ে । বিটিচিৰ চিএছবি বোৰ্ডত চাঁওতাল জনগোষ্ঠীৰ লোকক অন্তৰ্ভুত নকৰাৰ বাবেও ক্ষোভ প্ৰকাশ কৰে । সংবাদ মেলত চাঁওতাল ছাত্ৰ সন্তাৰ উপ সভাপতি দুৰ্গা চৰেন আৰু সাংগাঠনিক সম্পাদক দেবিলাল হেমৰম লগতে কেবাজন উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ