
কোকৰাঝাৰ, ১১ মাৰ্চ (হি.স.): সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ নহলে বিজেপিৰ হাটাও কোচৰাজবংশী বাচাও শ্লোগান লৈ কোচৰাজবংশী জনগোষ্ঠীৰ ঘৰে-ঘৰে গৈ বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব অবিভক্ত গোৱালপাৰা জিলা কোচৰাজবংশী যুৱ সন্মিলনে ৷ তাৰোপৰি বিজেপিৰ যিকোনো নিৰ্বাচনী সভাত কোচৰাজবংশী জনগোষ্ঠী লোকৰ অংশগ্ৰহণ নিষিদ্ধ বুলি আজি ঘোষণা কৰিছে সভাপতি বিষ্ণু ৰায়ে ৷ গোসাঁইগাঁও সদৰ চহৰৰ কমলনাথ ক্লাব কাম লাইব্ৰেৰীত কালি বিয়লি সংগঠনটোৱে সম্বোধন কৰা সংবাদমেলত সভাপতি বিষ্ণু ৰায়ে প্ৰয়োজনত কোচৰাজবংশী জনগোষ্ঠীৰ লোকক বিজেপিৰ যিকোনো সভাত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলৈ আহ্বান বা অনুৰোধ নহয়, সকীয়নি প্ৰদান কৰিছে ৷
আনকি ভাতৃ সংগঠনৰ দাদা-ভাই সকলে বিজেপিৰ টকা-পইচা খাই কোচৰাজবংশী জনগোষ্ঠীৰ লোকক বিজেপিৰ মেল-মিটিংত যাবলৈ হেঁচা প্ৰয়োগ কৰিলে তাৰ বিৰুদ্ধে যুৱ সমাজে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে ৷ এনেকি ভাতৃ সংগঠন সমুহে বন্ধৰ দৰে কাৰ্যসূচী ঘোষণা কৰি পিছত বন্ধ উঠাই লোৱা খেলখন বন্ধ কৰিবলৈ আহ্বান জনায় ৷ কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ বা পৃথক কমতাপুৰ গঠনৰ নামত বন্ধ ঘোষণা কৰি বন্ধ উঠাৰ নোৱাৰ নামত নিজৰ পকেট গৰম কৰা খেল বহুল হ’ল বুলি ক্ষোভ উজাৰে ৷ এই নিকৃষ্ট সংস্কৃতিৰ বেহা পাতি জনগোষ্ঠীক লৈ ভাতৃ সংগঠনে কৰা হেতালিৰ বিৰুদ্ধে যুৱ সমাজে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আন এক হুংকাৰ প্ৰদান কৰিছে সভাপতি বিষ্ণু ৰায় ৷
সংবাদেমলত সভাপতি গৰাকীয়ে কয়, বিগত ২০১৪ চনতে কোচৰাজবংশী সহ আন জনগোষ্ঠীক ছয় মাহৰ ভিতৰত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজহুৱা ঘোষণা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনিটা কাৰ্যকাল সমাপন কৰিবলৈ ওলাইছে ৷ কিন্তু কোচৰাজবংশী সহ আন জনগোষ্ঠীৰ জনজাতিকৰণহে হোৱা নাই ৷ জনজাতিকৰণক লৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে বহু হেতালি খেলিছে ৷
এতিয়া চৰকাৰে হেতালি খেলা বন্ধ কৰি নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক৷অন্যথাই কোচৰাজবংশী জনগোষ্ঠীৰ লোকে বিজেপি হাটাও, কোচৰাজবংশী বাচাও অভিযান আৰম্ভ কৰিবলৈ বাধ্য হ’ব৷ তাৰোপৰি বিজেপি দলক কোচ-ৰাজবংশী এলেকাত নিষিদ্ধ ঘোষণা কৰিছে ৷ সংবাদমেলত সন্মিলনৰ কাৰ্যকৰী সভাপতি দীপক ৰায়, সম্পাদক দ্বীপেন ৰায়, সহকাৰী সম্পাদক নিতাই ৰায় প্ৰমুখ্যে আন কেবাগৰাকী বিষয় ববীয়া উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ