খাৰুপেটিয়া পৌৰসভাৰ এলেকাত চৰকাৰী মাটি বেদখল কৰি থকা শতাধিক পৰিয়ালক ৰমজান মাহতে উচ্ছেদৰ কুচকাৱাজ
খাৰুপেটিয়া পৌৰসভাৰ এলেকাত চৰকাৰী মাটিত দশক দশক যাবত বসবাস কৰি অহা শতাধিক পৰিয়ালক ৰমজান মাহতে উচ্ছেদৰ কুচকাৱাজ পৌৰসভাৰ ।
খাৰুপেটিয়া পৌৰসভাৰ এলেকাত চৰকাৰী মাটি বেদখল কৰি থকা শতাধিক পৰিয়ালক ৰমজান মাহতে উচ্ছেদৰ কুচকাৱাজ


দৰং, ১১ মাৰ্চ (হি.স.): দৰং জিলাৰ খাৰুপেটিয়া পৌৰসভাৰ এলেকাত চৰকাৰী মাটিত দশক দশক যাবত বসবাস কৰি অহা শতাধিক পৰিয়ালক ৰমজান মাহতে উচ্ছেদৰ কুচকাৱাজ চলাইছে পৌৰসভাৰ । চৰকাৰী বিষয়াৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পিছত ভোটাৰ তালিকাত নাম থকা এইসকল ভাৰতীয় নাগৰিকে শংকিত হৈছে। খাৰুপেটীয়াৰ নিমতলী নৈৰ পাৰত বহু বছৰ ধৰি শতাধিক দৰিদ্ৰ পৰিয়ালে ঘৰ-বাৰী সাজি জীৱিকা নিৰ্বাহ কৰি আহিছে।

শংকিত পৰিয়ালে জানিবলৈ দিয়া মতে খাৰুপেটীয়া টাউনৰ নিমতলী নৈৰ দুয়োপাৰে জলাশয় উন্নয়ন আঁচনিৰ নিৰ্মাণৰ বাবে খাৰুপেটীয়া পৌৰসভাই যো-জা চলাইছে । কোনো জাননী নিদিয়াকৈ নৈৰ পাৰত বসবাস কৰি থকা ঠাইখিনিত পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া, সভানেত্ৰী, মণ্ডল আদি কৰ্মচাৰীয়ে জোখ মাখ কৰি যোৱাৰ পিছত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।সন্মুখত কেইটামান দিন বাকী আছে ঈদৰ । চিন্তিত হৈ পৰিছে এইসকল দৰিদ্ৰ পৰিয়াল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী যে লোকসকলক যাতে সংস্থাপন অবিহনে উচ্ছেদ কৰা নকৰিবলৈ অনুৰোধ জনাইছে শংকিত লোকসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande