নেপালৰ জেন-জি আন্দোলনৰ তদন্ত আয়োগৰ প্ৰতিবেদন কাৰ্কি কেবিনেটত দাখিল
কাঠমাণ্ডু, ১১ মাৰ্চ (হি.স.)। নেপালত যোৱা বছৰৰ ৮–৯ ছেপ্টেম্বৰত সংঘটিত হোৱা জেন-জি আন্দোলনৰ তদন্তৰ বাবে গঠন কৰা উচ্চ পৰ্যায়ৰ আয়োগৰ প্ৰতিবেদন অতি সোনকালে মন্ত্ৰী পৰিষদত দাখিল কৰা হ’ব। এই প্ৰতিবেদন কেবিনেট বৈঠকৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। আয়
कार्की आयोग द्वारा प्रधानमंत्री को रिपोर्ट सौंपी गई


কাঠমাণ্ডু, ১১ মাৰ্চ (হি.স.)। নেপালত যোৱা বছৰৰ ৮–৯ ছেপ্টেম্বৰত সংঘটিত হোৱা জেন-জি আন্দোলনৰ তদন্তৰ বাবে গঠন কৰা উচ্চ পৰ্যায়ৰ আয়োগৰ প্ৰতিবেদন অতি সোনকালে মন্ত্ৰী পৰিষদত দাখিল কৰা হ’ব। এই প্ৰতিবেদন কেবিনেট বৈঠকৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ সিদ্ধান্তও সেইদিনা লোৱা হ’ব পাৰে।

প্ৰধানমন্ত্ৰীৰ প্ৰধান উপদেষ্টা অজয় ভদ্ৰ খানালৰ মতে, এই প্ৰতিবেদন এতিয়া আনুষ্ঠানিকভাৱে মন্ত্ৰী পৰিষদত দাখিল কৰা হ’ব। প্ৰতিবেদন দাখিল কৰাৰ লগে লগে আয়োগৰ পৰামৰ্শ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ সাজু হৈছে চৰকাৰ। তেওঁ কয় যে বুধবাৰ বা বৃহস্পতিবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । এই বৈঠকত প্ৰতিবেদনৰ মূল পৰামৰ্শ, দায়বদ্ধ বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে ।

জেন-জি আন্দোলনৰ পিছত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰখনে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ আয়োগ গঠন কৰে। সেই সময়ত দেশত ব্যাপক প্ৰতিবাদ আৰু ৰাজনৈতিক অস্থিৰতাৰ মাজতে প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হৈছিল। এই চৰকাৰখনে প্ৰাক্তন ন্যায়াধীশ গৌৰী বাহাদুৰ কাৰ্কিৰ নেতৃত্বত এখন তদন্ত আয়োগ গঠন কৰিছিল, যাৰ প্ৰধান উদ্দেশ্য আছিল ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ আন্দোলনৰ সময়ত হোৱা হিংসা, প্ৰাণ হেৰুৱা, চৰকাৰী কাৰ্য্য, প্ৰশাসনিক সিদ্ধান্তৰ ব্যাপক তদন্ত কৰা।

কেইবামাহো ধৰি এই ঘটনাৰ তদন্ত আৰু নিৰাপত্তা সংস্থা, চৰকাৰী বিষয়া, আন্দোলনৰ সৈতে জড়িত লোক, প্ৰত্যক্ষদৰ্শীৰ বক্তব্য ৰেকৰ্ডিং কৰাৰ অন্তত আয়োগে চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰে। এই প্ৰতিবেদন ইতিমধ্যে প্ৰধানমন্ত্ৰী কাৰ্কীৰ ওচৰত দাখিল কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ প্ৰধান উপদেষ্টাগৰাকীয়ে কয় যে চৰকাৰে নতুন চৰকাৰ গঠনৰ পূৰ্বে আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ কাৰ্যকৰী আৰম্ভ কৰাৰ মনস্থ কৰিছে।

শেহতীয়া নিৰ্বাচনৰ পিছত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া চলি আছে যদিও অন্তৱৰ্তীকালীন চৰকাৰে এই স্পৰ্শকাতৰ বিষয়টোত ব্যৱস্থা গ্ৰহণত পলম হোৱাৰ পৰা হাত সাৰিবলৈ ইচ্ছা কৰিছে। সেয়ে ইতিমধ্যে প্ৰশাসনিক পৰ্যায়ত প্ৰাথমিক প্ৰস্তুতি আৰম্ভ হৈছে। চৰকাৰী বিষয়াৰ মতে, প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে নিজেই এই প্ৰতিবেদন অধ্যয়ন কৰি আছে। ইয়াৰ উপৰিও কেইবাজনো জ্যেষ্ঠ মন্ত্ৰীয়ে প্ৰতিবেদনৰ বিষয়বস্তু আৰু পৰামৰ্শসমূহ পৰ্যালোচনা কৰি আছে।

প্ৰতিবাদৰ সময়ত হোৱা পৰিঘটনা, নিৰাপত্তা বাহিনীৰ কাৰ্যকলাপ, চৰকাৰী সিদ্ধান্ত, প্ৰশাসনিক দায়িত্ব আদিৰ বিশদ বিশ্লেষণ এই প্ৰতিবেদনত সন্নিবিষ্ট কৰা হৈছে।

বিষয়াসকলৰ মতে, যদিহে চৰকাৰে আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লয়, তেন্তে বৰ্তমান নিৰ্বাচিত সাংসদসকলেও কাৰ্যকৰী প্ৰক্ৰিয়াত ভূমিকা ল’ব পাৰে। অৰ্থাৎ সংসদৰ জৰিয়তে আইনী বা নীতিগত সংস্কাৰৰ প্ৰয়োজন হ’লে নতুন সাংসদও জড়িত হ’ব পাৰে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande