
বৰপেটা, ১১ মাৰ্চ (হি.স.): দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈও দলং নিৰ্মাণ কৰিব নোৱাৰিলে বিধায়ক শ্বেৰমান আলীয়ে । বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বাঘমাৰাচৰ আৰু গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলা বজাৰ সংযোগ কৰি জলজলী নদীৰ ওপৰত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি আজিও পূৰণ নহল। উক্ত স্থানত দলং নিৰ্মাণ কৰি দিবলৈ প্ৰতিটো নিৰ্বাচনতে প্ৰতিশ্ৰুতি প্ৰদান কৰি বিধায়ক নিৰ্বাচিত হোৱাৰ পাছতে দিছপুৰত গৈ সকলো পাহৰি যায় বিধায়ক শ্বেৰমান আলীয়ে ।
এনে পৰিস্থিতিত যাতায়াতৰ নামত যমৰ যাতনা ভূগিব লগীয়া হৈছে অঞ্চলবাসীয়ে। খৰালিৰ এই ৫-৬ মাহ এনেদৰে বাঁহৰ সাঁকোৰে দৈনিক শ শ লোক পাৰ হলেও বাৰিষা কালত অতিকৈ ভয়ংকৰ হৈ পৰে যাতায়াত। শীঘ্ৰে উক্ত স্থানত পকী দলং নিৰ্মাণৰ দাবী জনাইছে অঞ্চলবাসীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ