
শোণিতপুৰ, ১১ মাৰ্চ (হি.স.)। “বিৰোধীৰ মিত্ৰতা হৈছে নিমিলা অংক৷” তেজপুৰত এই মন্তব্য কৰে মন্ত্ৰী অশোক সিংহলে৷
উল্লেখযোগ্য যে,তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ নগৰ তিনিআলিত যোৱা নিশা এক ব্যৱসায়ীক প্ৰতিষ্ঠান মুকলি কৰে মন্ত্ৰী সিংহলে৷প্ৰনিধানযোগ্য যে বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সজল সিংহই তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ নগৰত নিৰ্মাণ কৰা “দিবাকৰ পেলেচ” নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰে মন্ত্ৰী সিংহলে৷এই অনুষ্ঠানতে আগন্তুক নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী সিংহলে সদম্ভে দাবী কৰে যে ইতিহাস ৰচনা কৰি অভূতপূৰ্ব ফলাফলৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটে ৰাজ্যত পুণৰবাৰ চৰকাৰ গঠন কৰিব৷মুখ্যমন্ত্ৰীৰ নেতৃত্বত অব্যাহত “জন আশীৰ্বাদ যাত্ৰা”ই এই কথা প্ৰমাণ কৰিছে বুলি উল্লেখ কৰি বিজেপিৰ এই যাত্ৰাক সমালোচনা কৰা সকলে যোগ্য প্ৰত্যুত্তৰ পাব বুলি মন্তব্য কৰে সিংহলে৷আনহাতে কোন সমষ্টিত বিজেপিয়ে কাক প্ৰাৰ্থী দিব বা মিত্ৰদল অগপৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেয়া দিল্লীত মুখ্যমন্ত্ৰীয়ে ঠিক কৰিব বুলি সদৰি কৰি সিংহলে নিজ সমষ্টি সন্দৰ্ভতো দাবী কৰি কয় যে ঢেকিয়াজুলিত বিজেপি অপ্ৰতিদ্বন্দী৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ