
ইম্ফল, ১১ মাৰ্চ (হি.স.)। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মানি মণিপুৰৰ আৰক্ষী প্ৰশাসনে সক্ৰিয়ভাৱে ড্ৰাগছ সেৱনৰ বিৰুদ্ধে অভিযান চলাইছে। আফিঙৰ খেতি ধ্বংস কৰাৰ সমান্তৰালকৈ গাঞ্জা, হেৰ’ইন, আৰু অন্যান্য নিচাজাতীয় দ্ৰব্যও জব্দ কৰিছে। আজি পুৱা মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰা আনুষ্ঠানিক তথ্য অনুসৰি দুটা পৃথক অভিযানত ৩৫ একৰ আফিং খেতি ধ্বংস হয়। বৃহৎ পৰিমাণৰ গাঞ্জাৰ লগতে তিনিজন চোৰাং বেপাৰীকো আটক কৰা হৈছে।
লাভ কৰা তথ্য অনুসৰি মঙলবাৰে কাংপকপি জিলাৰ চাইকুল আৰক্ষী থানাৰ অন্তৰ্গত টিংপিবুং গাঁও আৰু লেপ্লান গাঁৱৰ মাজৰ কেইবাটাও স্থানত নিৰাপত্তা বাহিনী, এনচিবি আৰু বন বিভাগে প্ৰায় ১০ একৰ আফিং খেতি ধ্বংস কৰে। অৱশ্যে এই গোচৰত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
আন এক অভিযানত উখৰুল জিলাৰ লিটান থানাৰ অন্তৰ্গত চিনাকেইথেই অঞ্চলত নিৰাপত্তা বাহিনী আৰু বন বিভাগে প্ৰায় ২৫ একৰ অবৈধ আফিং খেতি ধ্বংস কৰে।
আন এক অভিযানত মণিপুৰ আৰক্ষীয়ে হেইংগাং থানাৰ অন্তৰ্গত মন্ত্ৰীপুখৰী অঞ্চলৰ পৰা নিষিদ্ধ গাঞ্জাসহ ইম্ফল পূৱ জিলাৰ পৰা তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰিবাম মনীষ (২৪), ছাজাবাম আছলাম খান (৩২) আৰু দীনেশ চিংগাখাম (২৪)।
সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ হৈছে এখন চাৰিচকীয়া বাহন আৰু প্ৰায় ১৬.৬০ কিলোগ্ৰাম গাঞ্জা। আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত এফআইআৰ ৰুজু কৰি অভিযুক্তৰ বিৰুদ্ধে তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ