
মাদুৰাই, ১১ মাৰ্চ (হি.স.)। তামিলনাডুৰ অন্যতম বিখ্যাত আৰু ঐতিহাসিক ধৰ্মীয় উৎসৱ মাদুৰাই চিথিৰাই উৎসৱৰ আনুষ্ঠানিক সময়সূচী ঘোষণা কৰা হৈছে। এইবাৰ ১৯ এপ্ৰিলত পতাকা উন্মোচন অনুষ্ঠানৰ পৰা আৰম্ভ কৰি ১ মে’ত সামৰণি পৰিব।
মধুৰৈ মীনাক্ষী মন্দিৰ পৰিচালনা সমিতিয়ে এক বিবৃতিযোগে সবিশেষ তথ্য প্ৰকাশ কৰে। মীনাক্ষী তিৰুকল্যাণম (ঈশ্বৰ বিবাহ), ৰথ উৎসৱ, কল্লাঝগৰৰ বৈগৈ নদীত অৱতৰণ আদি এই উৎসৱৰ মূল অনুষ্ঠান।
তেওঁলোকে উল্লেখ কৰে যে ১৯ এপ্ৰিলৰ পৰা পতাকা উত্তোলনৰ জৰিয়তে মাদুৰাই চিথিৰাই মহোৎসৱ আৰম্ভ হ’ব। ইয়াৰ পিছতে ২৬ এপ্ৰিলত মীনাক্ষী আম্মানক পবিত্ৰ কৰা হ’ব। ২৭ এপ্ৰিলত মীনাক্ষী আৰু সুন্দৰেশ্বৰৰৰ ঐশ্বৰিক বিবাহ (তিৰুকাল্যানাম) হ’ব। ২৮ এপ্ৰিলত বিখ্যাত ৰথ মহোৎসৱ, ২৯ এপ্ৰিলত কল্লাঝগৰৰ এধিৰসেৱাই (আদৰণি অনুষ্ঠান) আৰু ৩০ এপ্ৰিলত কল্লাঝগৰৰ বৈগৈ নদীত নামি আহিব। তদুপৰি কল্লাঝগৰৰ উভতি অহাৰ সৈতে জড়িত অনুষ্ঠানসমূহ ১ মে’ত অনুষ্ঠিত হ’ব। ইয়াৰ লগে লগে বহুদিনীয়া মাদুৰাই চিথিৰাই মহোৎসৱৰ সামৰণি পৰিব ।
উল্লেখযোগ্য যে কেৱল মাদুৰাইবাসীয়েই নহয় সমগ্ৰ তামিলনাডুৰ লোকসকলেও এই উৎসৱৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
এই উৎসৱত বৃহৎ সংখ্যক ভক্তই অংশগ্ৰহণ কৰে। ইয়াক আধ্যাত্মিক উৎসৱ হিচাপে পালন কৰা হয় । মাদুৰাইৰ সংস্কৃতি, ভক্তি, পৰম্পৰাক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা এই উৎসৱটো প্ৰতি বছৰে অতি উৎসাহেৰে পালন কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া