লখিমপুৰৰ ধৰ্মপুৰত দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড
লখিমপুৰৰ ধৰ্মপুৰত দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড।
লখিমপুৰৰ ধৰ্মপুৰত দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড


লখিমপুৰ, ১১ মাৰ্চ (হি.স.): লখিমপুৰৰ ধৰ্মপুৰত যোৱা কালি মঙলবাৰে নিশা দুৰ্বৃত্তই ভয়ংকৰ কাণ্ড সংঘটিত কৰে । ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমীৰ বাসগৃহলৈ লক্ষ্য কৰি হস্তনিৰ্মিত বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই ।বিস্ফোৰণৰ প্ৰচণ্ড শব্দত ওলাই আহে ওচৰ চুবুৰীয়া । ঘটনাস্থলীত বিহপুৰীয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

আৰক্ষীয়ে মৌলানা উবাইদুৰ ৰহমান কাচিমীৰ বাসগৃহৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি বিস্ফোৰণৰ সময়ছোৱাৰ কোনো ৰেকৰ্ড চিচিটিভিত নাপালে । তাৰ পিছতেই আৰক্ষীয়ে সমগ্ৰ ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে । বোমা বিস্ফোৰণৰ পূৰ্বৰ আৰু পিছৰ চিচিটিভিত ৰেকৰ্ড পাইছে, কিন্তু ঘটনা সংঘটিত হোৱা সময়ছোৱাৰ ৰেকৰ্ড লাভ নকৰিলে আৰক্ষীয়ে।ইফালে বোমা বিস্ফোৰণৰ ফলত কোনো ক্ষয় ক্ষতি হোৱা নাই, একাংশই সন্দেহ কৰা অনুসৰি এয়া ফটকা আতচবাজীৰে নিৰ্মিত বোমা আছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande