এল পি জি সংকটে এক কোটিৰো অধিক লোকৰ নিবনুৱা সমস্যাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে: কেজৰিৱাল
নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দেশত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিৰ বাবে এক কোটিৰো অধিক লোক নিবনুৱাৰ আশংকাত ভুগিছে বুলি দাবী কৰে। আপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত কেজৰিৱালে কয় যে দেশত
दिल्ली में आआपा मुख्यालय में संवाददाता सम्मेलन को संबोधित करते पार्टी के राष्ट्रीय संयोजक अरविंद केजरीवाल


নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দেশত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিৰ বাবে এক কোটিৰো অধিক লোক নিবনুৱাৰ আশংকাত ভুগিছে বুলি দাবী কৰে।

আপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত কেজৰিৱালে কয় যে দেশত এল পি জিৰ দৈনিক উপলব্ধতা প্ৰায় ৫০ শতাংশ হ্ৰাস পাইছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ হোটেল, ৰেষ্টুৰেণ্ট, উদ্যোগসমূহত পৰিছে। ভাৰতৰ মুঠ এল পি জি ব্যৱহাৰৰ প্ৰায় ৬০ শতাংশ আমদানিৰ জৰিয়তে পূৰণ কৰা হয়, আৰু এই আমদানিৰ প্ৰায় ৯০ শতাংশ হৰমুজ জলদ্বীপৰ জৰিয়তে হয়। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ বাবে এই পথৰ জৰিয়তে ভাৰতলৈ যোগান কাৰ্যতঃ বন্ধ হৈ গৈছে, যাৰ ফলত এক কোটিৰো অধিক লোকৰ নিবনুৱা সমস্যাৰ প্ৰতি ভাবুকি আহি পৰিছে।

কেজৰিৱালে উল্লেখ কৰে যে শিক্ষানুষ্ঠান আৰু চিকিৎসালয়ৰ বাহিৰে সমগ্ৰ দেশৰ সকলো বাণিজ্যিক প্ৰতিষ্ঠানলৈ এল পি জি গেছৰ যোগান বন্ধ কৰা হৈছে। কেৱল ঘৰুৱা ব্যৱহাৰৰ বাবেহে গেছৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ ফলত সমগ্ৰ দেশতে এল পি জি গেছৰ নাটনি হৈছে। কেজৰিৱালে প্ৰশ্ন কৰে যে, যুদ্ধ আৰম্ভ হোৱাৰ এদিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল ভ্ৰমণ কৰাৰ প্ৰয়োজন কিয় আছিল? তেনে কৰি তেওঁ সমগ্ৰ দেশখনকে বিপদত পেলাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande