(আপডেট) কামপুৰত ৰে'লৱে কলনী পাৰ্ক উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ
নগাঁও, ১১ মাৰ্চ (হি.স.)। বঢ়মপুৰ সমষ্টিত কেইবাটাও আঁচনি উদ্বোধন কৰাৰ উদ্দেশ্যে উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা । কামপুৰ ৰেলৱে কলনি পাৰ্ক মুকলি কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই । উদ্যান খন হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন
কামপুৰত ৰে'লৱে কলনী পাৰ্ক উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ


কামপুৰত ৰে'লৱে কলনী পাৰ্ক উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ


নগাঁও, ১১ মাৰ্চ (হি.স.)। বঢ়মপুৰ সমষ্টিত কেইবাটাও আঁচনি উদ্বোধন কৰাৰ উদ্দেশ্যে উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা । কামপুৰ ৰেলৱে কলনি পাৰ্ক মুকলি কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই । উদ্যান খন হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত হোৱাতো সকলোৱে বিচাৰিছিল যদিও উদ্যানখন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰি মুকলি কৰে ৷

আনহাতে পাৰ্কখনৰ মূল তোৰণৰ দুয়োফালে ভূপেন হাজৰিকাৰ আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি জানিব দিয়ে বিধায়ক জিতু গোস্বামীয়ে ৷ নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গৰ ন্যায় পোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট কষ্ট কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ ইফালে জুবিন গাৰ্গক লৈ লুৰিন জ্যোতি গগৈৰ একাংশ সমৰ্থকে মুখ্যমন্ত্ৰীৰ সন্মুখত জুবিনৰ ন্যায় বিচাৰি ৰাজনীতি কৰা বুলি মন্তব্য কৰিছে ৷। ইফালে বঢ়মপুৰ সমষ্টিৰ ননৈত তৃতীয় খন মামা বজাৰ উদ্বোধন কৰাৰ লগকে চাপানলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande