
নগাঁও, ১১ মাৰ্চ (হি.স.)। বঢ়মপুৰ সমষ্টিত কেইবাটাও আঁচনি উদ্বোধন কৰাৰ উদ্দেশ্যে উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা । কামপুৰ ৰেলৱে কলনি পাৰ্ক মুকলি কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই । উদ্যান খন হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত হোৱাতো সকলোৱে বিচাৰিছিল যদিও উদ্যানখন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰি মুকলি কৰে ৷
আনহাতে পাৰ্কখনৰ মূল তোৰণৰ দুয়োফালে ভূপেন হাজৰিকাৰ আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি জানিব দিয়ে বিধায়ক জিতু গোস্বামীয়ে ৷ নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গৰ ন্যায় পোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট কষ্ট কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ ইফালে জুবিন গাৰ্গক লৈ লুৰিন জ্যোতি গগৈৰ একাংশ সমৰ্থকে মুখ্যমন্ত্ৰীৰ সন্মুখত জুবিনৰ ন্যায় বিচাৰি ৰাজনীতি কৰা বুলি মন্তব্য কৰিছে ৷ উল্লেখ্য যে আগন্তক নিৰ্বাচনৰ বাবে অগপ বিজেপিৰ মিত্ৰজোঁটৰ তালিকা ঘোষনা হোৱাৰ পূৰ্বে বঢ়মপুৰ আৰু ৰহা সমষ্টিত অগপ বিজেপিৰ মাজত মুকলি ভাৱে চলা বিষমবাদ বন্ধ কৰি মিত্ৰজোঁটৰ হৈ সকলোকে আগবাঢ়ি যাবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে । ইফালে বঢ়মপুৰ সমষ্টিৰ ননৈত তৃতীয় খন মামা বজাৰ উদ্বোধন কৰাৰ লগকে চাপানলাত কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা