জাপানৰ ছাত্ৰ-ছাত্ৰীৰ শুৱালকুছি ভ্ৰমণ
কামৰূপ, ১১ মাৰ্চ (হি.স.)। জাপানৰ ছাত্ৰ-ছাত্ৰীৰ শুৱালকুছি ভ্ৰমণ। চুকুবা ইউনিভাৰ্চিটি অৱ জাপান আৰু আই আই টি গুৱাহাটীৰ পৰা ত্ৰিশ জনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ শুৱালকুছি ভ্ৰমণ। কবি কৃষ্ণ টেলিমেডিচিনৰ সহযোগত এই ভ্ৰমণ। কবি কৃষ্ণ টেলিমেডিচিনৰ জৰিয়তে কেঞ্
জাপানৰ ছাত্ৰ-ছাত্ৰীৰ শুৱালকুছি ভ্ৰমণ


কামৰূপ, ১১ মাৰ্চ (হি.স.)। জাপানৰ ছাত্ৰ-ছাত্ৰীৰ শুৱালকুছি ভ্ৰমণ। চুকুবা ইউনিভাৰ্চিটি অৱ জাপান আৰু আই আই টি গুৱাহাটীৰ পৰা ত্ৰিশ জনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ শুৱালকুছি ভ্ৰমণ।

কবি কৃষ্ণ টেলিমেডিচিনৰ সহযোগত এই ভ্ৰমণ। কবি কৃষ্ণ টেলিমেডিচিনৰ জৰিয়তে কেঞ্চাৰ ৰোগী সকলক কেনেকৈ ৰোগ নিৰাময় কৰে লগতে শুৱালকুছিৰ বিশ্বঐতিহ্য মুগা শিল্পৰ বিষয় বস্তুক সামৰি দলটোৱে উপস্থিত হয় শুৱালকুছিত ।

শুৱালকুছিৰ সন্তান আমেৰিকা নিৱাসী কেঞ্চাৰ ৰোগ বিষেসজ্ঞ তথা চিকিৎসক বিকুল দাসৰ নেতৃত্বত বিগত ৩০ বছৰ ধৰি

কবি কৃষ্ণ টেলিমেডিচন নামৰ স্বেচ্ছাসেৱী অনুস্থানটিয়ে কেঞ্চাৰ ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা কৰি অহাৰ লগতে শুৱালকুছি মুগাশিল্পটোক বিশ্বত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিভিন্নধৰনে কাম কৰি আহিছে ।

সেই সন্দৰ্ভত গৱষেনা আৰু অধ্যায়ন বাবে ছাত্ৰ ছাত্ৰীৰ দলটোৱে উপস্থিত হয় শুৱালকুছি । শুৱালকুছি উপস্থিত হয়ে ছাত্ৰ-ছাত্ৰীৰ দলটোৱে কবি কৃষ্ণ টেলিমেডিচিনৰ অধক্ষ্য বিকুল দাসৰ লগত আলোচনা মিলিত হোৱাৰ লগতে বুজ লয় মুগা শিল্প আৰু কেঞ্চাৰ ৰোগ প্ৰতিৰোধৰ বিষয় সন্দৰ্ভত।

আনহাতে ছাত্ৰ-ছাত্ৰীৰ দলটোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰ সংস্কৃতি,নাম কীৰ্তন আধ্যাত্মিক দৰ্শনৰ বিষয় সন্দৰ্ভতো অধ্যায়ন বাবে ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্ৰত উপস্থিত হয় । হাটীসত্ৰত উপস্থিত হয় বিভিন্ন বিষয় সামৰি ছাত্ৰ-ছাত্ৰী সকলৰ বুজ লয় গুৰুজনাৰ সত্ৰ সংস্কৃতিৰ বিষয়ে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande