
–ভূমি পূজন আৰু শুভ উদ্বোধন বিজেপিৰ নতুন কর্মযজ্ঞৰ নমুনা: ড০ দেৱজিৎ মহন্ত
–অখিল গগৈ আধুনিক অসমৰ বদন বৰফুকন আৰু গৌৰৱ গগৈ মোগলৰ প্ৰধান সেনাপতি ৰাম সিংহ
গুৱাহাটী, ১১ মার্চ (হি.স.)। চবকা চাথ, চবকা বিকাশৰ মহামন্ত্ৰৰে আমাৰ চৰকাৰৰ দিনতে ভূমি পূজন আমাৰ চৰকাৰৰ দিনতে শুভ উদ্বোধনৰ নতুন কর্মযজ্ঞৰ ধাৰা সৃষ্টি কৰিছে বিজেপিয়ে। গুৱাহাটী ব্রহ্মপুত্ৰৰ ওপৰত তৃতীয়খন দলং কুমাৰ ভাস্কৰ বৰ্মাৰ সেঁতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত শিলান্যাস কৰিছিল আৰু ২০২৬ চনৰ ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰিছে। একেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা প্ৰকল্প গৃহমন্ত্রী অমিত শ্বাহে শিলান্যাস আৰু শুভাৰম্ভ কৰিছে। আজি এক সংবাদমেল যোগে এই মন্তব্য কৰে অসম প্রদেশ বিজেপিৰ মুখপাত্র ড০ দেৱজিৎ মহন্তই।
তেওঁ কয় যে কর্মযজ্ঞৰ নতুন নিদর্শন নিৰ্ধাৰিত ৩৬ মাহৰ পৰিৱৰ্তে ২৭মাহত অসমৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম গুৱাহাটী দীঘলীপুখুৰীৰ পৰা বামুণীমৈদাম সংযোজিত ৪.২ কিঃমিঃ সংযোজিত মহাৰাজা পৃথু উৰণীয়া সেঁতু।
জন আশীর্বাদ যাত্রাক জন আভিশাপ যাত্রা বুলি অভিহিত কৰা লুৰীণজ্যোতি গগৈক কঠোৰ সমালোচনা কৰি মুখপাত্র ড০ মহন্তই কয় যে কা আন্দোলনৰ গইনা লৈ আছুৰ ঔৰষত জন্ম গ্ৰহণ কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছৰ বোকাছাত উঠি বিধায়ক হোৱাৰ দিবাস্বপ্ন দেখিছে। অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰকলৈ গৈ বীৰ শ্বহীদ সকলক শ্রদ্ধাঞ্জলি জনোৱাৰ সামান্যতম জ্ঞানকনো নাই লুৰীণজ্যোতি গগৈৰ। ৮৬০ গৰাকী শ্বহীদৰ হত্যাকাৰী দল কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সুধিবলৈ সাহস আছেনে লুৰীণজ্যোতি গগৈৰ কিয় তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ সময়ত অচিনাকী মিঞা মুছলমানক চৰকাৰী ভূমি, জলাশয় আৰু বনাঞ্চলত বহাইছিল?
বিৰোধীৰ মিঞা সন্দৰ্ভত ড০ মহন্তই কয় যে গৌৰৱ গগৈয়ে মিত্ৰতা সন্দৰ্ভত ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভূমিকা লৈছে। চকু থাকিও চকুত কাপোৰ বান্ধি নেদেখাৰ ভাও জুৰিছে। কংগ্ৰেছৰ নিলম্বিত বিধায়ক বাঘবৰৰ শ্বেৰমান আলি আৰু গোৱালপাৰা পশ্চিমৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল ৰাইজৰ দলত অন্তৰ্ভূক্ত কৰাৰ বাবে দোষ আৰোপ কৰি গৌৰৱ গগৈয়ে মিত্ৰতা কৰিব খোজা নাই। কংগ্ৰেছৰ দুই নিলম্বিত বিধায়কে বহুদিন পূৰ্বে ৰাইজৰ দলত যোগ দিছে যি কথা গৌৰৱ গগৈয়ে বহুদিন পূর্বে অৱগত। ড০ মহন্তই কয় যে যি ধিং সমষ্টিক লৈ দুয়োটা দলে মিত্রতাত উপনীত হ'ব পৰা নাই বুলি যি ধাৰণা দিব বিছাৰিছে সেয়া সঁচা নহয়। ধিং সমষ্টিত ৯১ শতাংশ ভোট সংখ্যালঘুৰ। য'ত কংগ্ৰেছ আৰু ৰাইজৰ দলে বন্ধুত্বমূলক প্রতিদ্বন্দিতা কৰিলেও বিজেপি জয়ী নহয়। তেওঁলোকৰ মূল সমস্যা হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ খেলপথাৰ এখনেই, দুয়োটা দলৰে বিদ্যালয় এখনেই। সেয়া হৈছে সংখ্যালঘু অধ্যুষিত ২২ টা সমষ্টি। সংখ্যাগুৰুৰ মাজত দুয়োটা দলে গণভিত্তি হেৰুৱাইছে।
ড০ মহন্তই কটাক্ষ কৰি কয় যে অখিল গগৈ হৈছে আধুনিক অসমৰ বদন বৰফুকন আৰু গৌৰৱ গগৈ মোগলৰ প্ৰধান সেনাপতি ৰাম সিংহ। আসন্ন ২৬ ৰ ৰণক্ষেত্ৰত দুয়োৰে পৰাজয় নিশ্চিত তাৰেই প্রতীয়মান হৈছে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যোৱা ১০ দিন জোৰা জন আশীর্বাদ যাত্রা'ত ১৫ লাখতকৈ অধিক লোকৰ স্বতঃফুর্ত সহাৰিত।
ড০ মহন্তই সংবাদমেলত কয় যে ভাৰতীয় জনতা পার্টিয়ে দলৰ উর্দ্ধত গৈ স্বদেশ আৰু স্বজাতিৰ বীৰপুৰুষসকলক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত কেতিয়াও কার্পন্য কৰা নাই। স্বাধীনতা আন্দোলনৰ অক্লান্ত যোদ্ধা, ছমাহতকৈ অধিক সময় আন্দোলনৰ বাবে কাৰাবৰণ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম গৰাকী সভাপতি বাবু ছবিলাল উপাধ্যায়ক বিজেপিয়ে সন্মান প্রদান কৰিছে। বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে বিশ্বনাথ জিলাৰ বিহালীত নৱনিৰ্মিত অভিযান্ত্রিক মহাবিদ্যালয়ক “ছবিলাল উপাধ্যায় অভিযান্ত্রিক মহাবিদ্যালয় বিহালী, বিশ্বনাথ” নামেৰে নামাকৰণ কৰিছে।
যোৱা ২০২০ চনৰ ২১ জুনত দিশপুৰৰ আনন্দচন্দ্ৰ আগৰৱালা উদ্যানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বাবু ছবিলাল উপাধ্যায়ৰ জীৱন্ত আকাৰৰ প্ৰতিমূর্তি উন্মোচন কৰিছে। সেইবাবেই ভাৰতীয় জনতা পার্টি সর্বধর্মী, সর্বস্পর্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰে মুখপাত্র ড০ দেৱজিৎ মহন্তই।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী