
ধেমাজি, ১১ মাৰ্চ (হি.স.): অসম অৰুণাচল সীমান্তৰ অৰুণাচলৰ ৰুকচিনত যোৱা কালি মঙ্গলবাৰে নিশা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ঘটনাত জাহ গ'ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বহু পৰিয়ালৰ বাসগৃহ।
জোনাইৰ অসম অৰুণাচল সীমান্তৰ অৰুণাচলৰ ৰুকচিনত নিশা প্ৰায় ১০ বজাত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডত দহখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ জ্বলি ভস্মীভূত হয়। অগ্নিকাণ্ডত কোটি টকাৰ সা-সম্পত্তি জাহ যোৱা বুলি জানিব পৰা গৈছে।ইফালে এই ভয়ংকৰ অগ্নিকাণ্ডত কাষতে থকা দিবজনী নামৰ নাৰ্চিং হোমখন কোনোমতে সৌভাগ্যক্ৰমে জুইৰ লেলিহান শিখাৰ পৰা ৰক্ষা পৰে।জুইৰ সূত্ৰপাতৰ বিষয়ে সঠিকভাৱে জানিব পৰা নাই যদিও বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। অৱশেষত জোনাই, চিলাপথাৰ আৰু পাচিঘাট অগ্নিনিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ বহু সময়ৰ প্ৰচেষ্টাত কোনোমতে জুই নুমাবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ