ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰী সমাজৰ ৩৬ ঘণ্টীয়া অনশন
ডিব্ৰুগড়, ১১ মাৰ্চ (হি.স.)। ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰী সমাজৰ ৩৬ ঘণ্টীয়া অনশনৰ কৰ্য্যসূচী গ্ৰহণ। স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ৫০% মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা আৰু ৫ বছৰীয়া ইন্টিগ্ৰেটেড কোৰ্চৰ ৰ বিনামূলীয়া নামভৰ্তি ব্যৱস্থা উঠা
ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰী সমাজৰ ৩৬ ঘণ্টীয়া অনশন


ডিব্ৰুগড়, ১১ মাৰ্চ (হি.স.)। ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰী সমাজৰ ৩৬ ঘণ্টীয়া অনশনৰ কৰ্য্যসূচী গ্ৰহণ। স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ৫০% মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা আৰু ৫ বছৰীয়া ইন্টিগ্ৰেটেড কোৰ্চৰ ৰ বিনামূলীয়া নামভৰ্তি ব্যৱস্থা উঠাই দিয়াৰ প্ৰতিবাদত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু সমগ্ৰ সমগ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰী সমাজৰ সহযোগত আজি এই ৩৬ ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলে অতি শীঘ্ৰে তেওঁলোকৰ দাবী মানি লবলৈ বিভিন্ন শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande