
কাৰ্বি আংলং, ১১ মাৰ্চ (হি.স.): ডিফু জেলৰ এজন কয়দীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ডিএমচিএইচত মৃত্য হোৱা আচামীজন আসুখৰাম হেমৰাম বুলি পৰিচয় পোৱা গৈছে। হত্যাৰ গোচৰৰ আচামী গৰাকী ৭ আগষ্টৰ পৰা ডিফু জেলত আছিল ৷ তেতিয়াৰে পৰা পৰিয়ালৰ কোনো লোকে তেওঁক জেলত সাক্ষাৎ কৰিবলৈ অহা নাছিল ৷
আচামী গৰাকী অসুস্থ হোৱাত ২ মাৰ্চত ডিফু মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰা হৈছিল। যোৱা কালি মঙ্গলবাৰে বিয়লি চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ৷ ডিফু জেল কৰ্তৃপক্ষই পৰিয়ালৰ লগত যোগাযোগ কৰিব নোৱাৰি ৭২ ঘন্টাৰ বাবে আচামী জনৰ মৃতদেহ মৰ্গত ৰখা হ’ব বুলি জনাইছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ