
ধুবুৰী, ১১ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ চাপৰত যোৱাকালি মঙলবাৰে নিশা আৰক্ষীৰ অভিযানত জব্দ কৰা হয় গৰুভৰ্তি বিলাসীবাহন। লগতে আটক কৰা হয় চাৰিজনকৈ চোৰাং গো সৰবৰাহকাৰী। চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমনিৰ চৌধুৰীৰ নেতৃত্বত চলে এই অভিযান।
চাপৰৰ হাতিপোতাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খেদি খেদি জব্দ কৰিবলৈ সক্ষম হয় দুখনকৈ বিলাসীবাহন, উদ্ধাৰ ছয়টাকৈ গৰু। জব্দকৃত বাহন দুখনৰ নম্বৰ ক্ৰমে এএছ ০১ বিজি ৯৮৯৮ আৰু এএছ ১৫ এন ৪০৩৫ বুলি জনা গৈছে। আটক চোৰাং গো সৰবৰাহকাৰী কেইজন বিলাসীপাৰাৰ সম্শেৰ আলী, ছানোৱাৰ হুছেইন,মফিদুল ইছলাম আৰু ৰাসিদুল ইছলাম বুলি কোৱা হৈছে । জানিব পৰা মতে পশ্চিমবংগৰ পৰা বৰপেটা অভিমূখে আনি আছিল চোৰাং গৰুকেইটা । ঘটনা সংক্ৰান্তত চাপৰ আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ