
বৰপেটা, ১১ মাৰ্চ (হি.স.)। বৰপেটাত যোৱাকালি মঙলবাৰে নিশা এছটিএফৰ অভিযান চলে । বৰপেটাৰ সৰভোগত অভিযান চলাই আটক কৰে এজন যুৱকক । ধৃত যুৱকজনৰ নাম ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে ।
সৰভোগৰ বান্দৰখোৱা গাঁৱৰ নিজ ঘৰৰ পৰা বৰপেটা আৰু সৰভোগ আৰক্ষীৰ সহযোগত আটক কৰে যুৱকজনক। ধৃত ছহিদুল ইছলাম জেহাদীৰ সৈতে জৰিত আছে নেকি সেই কথা এতিয়াও স্পষ্ট কৰা নাই কোনো পক্ষই । যুৱকজনক আটক কৰাৰ পিচতে নিশাৰ ভাগতে যুৱকজনক গুৱাহাটীলৈ লৈ যায় এছটিএফৰ দলে । এই সন্দৰ্ভত অধিক বিৱৰণ অপেক্ষা কৰা হৈছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা