বিধানসভা নিৰ্বাচনঃ ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিত বিজেপিৰ পদ্ম হাজৰিকাৰ শক্তিশালী স্থিতি
শোণিতপুৰ, ১১ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । শোণিতপুৰ জিলাৰ অন্যতম বিজেপিৰ দুৰ্গ হিচাপে খ্যাত পূৰ্বৰ চতিয়া বিধানসভা সমষ্টি আৰু ব
বিধানসভা নিৰ্বাচন


শোণিতপুৰ, ১১ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । শোণিতপুৰ জিলাৰ অন্যতম বিজেপিৰ দুৰ্গ হিচাপে খ্যাত পূৰ্বৰ চতিয়া বিধানসভা সমষ্টি আৰু বৰ্তমানৰ নদুৱাৰ সমষ্টিতো বলিছে নিৰ্বাচনী বতাহ। বিগত ২০২৪ চনত সমষ্টিৰ পুননিৰ্ধাৰণৰ পাছত চতিয়া বিধানসভা সমষ্টিৰ নাম সলনি কৰি ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টি হিচাপে পুনৰ নামাকৰণ কৰা হয় । বিগত পাঁচটা কাৰ্যকালত সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে পদ্ম হাজৰিকাই। বিজেপিৰ শক্তিশালী দুৰ্গ হিচাপে পৰিগণিত নদুৱাৰত কংগ্ৰেছ দলেও খোপনি পুতিবলৈ চেষ্টা চলাইছে আৰু নিৰ্বাচনী কুচকাৱাজ জোৰদাৰ কৰি তুলিছে।

শোণিতপুৰ জিলাৰ অন্যতম বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত সমষ্টিটোত ১৯৯৬ চনৰ পৰা পদ্ম হাজৰিকাই প্ৰতিনিধিত্ব কৰি আহিছে। ৰাইজৰ মাজত ব্যাপক জনসংযোগ ৰাখি অহা পদ্ম হাজৰিকাৰ কামকাজত সন্তুষ্টি ব্যক্ত কৰিছে ভোটাৰসকলে। সমান্তৰালকৈ উন্নয়নমূলক কামৰ বাবে সমষ্টিটো এইবাৰো দখল কৰিব বুলি দাবী কৰিছে বিজেপিয়ে। ইফালে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত নিশা ১২ বজাতো ৰাইজৰ ব্যাপক উপস্থিতিয়ে জনপ্ৰতিনিধিগৰাকীৰ ব্যাপক জনপ্ৰিয়তাৰ কথা সোঁৱৰাই দিয়ে। বিজেপিৰ আধিপত্য থাকিলেও কংগ্ৰেছ দলেও এইবাৰ সৰ্বশক্তি প্ৰয়োগ কৰি সমষ্টিটো নিজৰ হাতলৈ নিবলৈ চেষ্টা চলাইছে। কংগ্ৰেছৰ প্ৰায় ১৬ গৰাকীকৈ লোকে সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত আছে প্ৰাক্তন ছাত্ৰ নেতা নিৰঞ্জন নাথ, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, দাদুল বৰকাকতি আৰু পাৰ্থপ্ৰতীম বৰা। ইয়াৰ উপৰি পেৰাছুট লেণ্ডিং কৰি টিকটৰ আশাত কংগ্ৰেছত যোগদান কৰিছে সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সুনীল ছেত্ৰীয়ে। অৱশ্যে সমষ্টিটো কাৰ হাতলৈ যাব সেয়া নিৰ্বাচনী ফলাফললৈ অপেক্ষা কৰিব লাগিব।

উল্লেখ্য যে অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ অন্তৰ্গত উল্লেখযোগ্য বিধানসভা সমষ্টি হৈছে নদুৱাৰ বিধানসভা সমষ্টি । জীয়াভৰলী নদীৰ পূবে আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এই সমষ্টি । মিশ্ৰিত ভোটাৰ থকাৰ লগতে দুখন চাহ বাগিচাৰ ভোটাৰ থকা নদুৱাৰ বিধানসভাত ২০২৪ চনৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ বাবে নদুৱাৰ বিধানসভা সমষ্টিত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । এই পুনৰ নিৰ্ধাৰণৰ পিছত পূৰ্বৰ চতিয়া সমষ্টিৰ কিছু ভোট ৰঙাপৰা বিধানসভা সমষ্টি আৰু কিছু ভোট বিশ্বনাথ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হয় । ইফালে তেজপুৰ সমষ্টিৰ পাঁচমাইল আৰু ৰাজগড় পঞ্চায়ত নদুৱাৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হয় ৷ ৰঙাপৰা বিধানসভা সমষ্টিৰ উদমাৰী আৰু চামধৰা পঞ্চায়ত নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হয় । একেদৰে পূৰ্বৰ নদুৱাৰ বিধানসভা সমষ্টিৰ পূব নাগশংকৰ পঞ্চায়ত বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হয় ।

সমষ্টিটোৰ মুঠ ভোটাৰ হৈছে ২,১০,৬৪০ জন । বৰ্তমান সমষ্টিটোত পুৰুষ ভোটাৰ ১,০৫,৫২২ জন আৰু মহিলা ভোটাৰ ১,০৪,৪৭৮ গৰাকী । জনগাঠনি অনুসৰি ভোটাৰ হিচাপে সমষ্টিটোত অসমীয়া ভোটাৰ আছে ৬৮,৮৯২ গৰাকী, সংখ্যালঘূ ভোটাৰৰ সংখ্যা ৪৬,২৬৪ গৰাকী, ৩৩,৩৬৭ গৰাকী ভোটাৰেৰে তৃতীয় স্থানত আছে গোৰ্খা, চাহ জনজাতি ভোটাৰ প্ৰায় ২৩ হেজাৰ গৰাকী, বড়ো ভোটাৰ প্ৰায় ১১ হেজাৰ গৰাকী, বেংগলী ভোটাৰ প্ৰায় ১৩,১২৯ গৰাকী, মিছিং ভোটাৰ প্ৰায় আঠ হেজাৰ গৰাকী তথা অন্যান্য প্ৰায় ছহেজাৰ ভোটাৰ আছে।

উল্লেখ্য যে অসম আন্দোলনৰ পিছত ১৯৮৫ চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী ৰবীন শইকীয়াৰ জয় লাভ সমষ্টিৰ ৰাজনীতিত এক ব্যতিক্ৰমী অধ্যায় হিচাপে চিহ্নিত হয় । ১৯৯১ চনত পুনৰ কংগ্ৰেছৰ কুশল চাহুৱে সমষ্টি দখল কৰে । পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ পৰা সমষ্টিত পদ্ম হাজৰিকাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হয় । তেওঁ ১৯৯৬, ২০০৬ আৰু ২০১১ চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰে । পৰৱৰ্তী সময়ত ২০১৬ চনত বৰ্তমানৰ বিধায়ক পদ্ম হাজৰিকাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু বিজয়ী হয় ৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত পদ্ম হাজৰিকাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰি সমষ্টিটোত নিজৰ প্ৰভাৱ অটুট ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande