নদুৱাৰ বিধানসভা সমষ্টিত আশা অভিবৰ্তন ২০২৫–২০২৬ অনুষ্ঠিত
শোণিতপুৰ, ১১ মাৰ্চ (হি.স.)। নদুৱাৰ বিধানসভা সমষ্টিত আজি “আশা অভিবৰ্তন ২০২৫–২০২৬” অনুষ্ঠানটো জামুগুৰিহাটৰ অন্তৰ্গত বাপুজি ভৱনত উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হয়। নদুৱাৰ বিভিন্ন অঞ্চলৰ পৰা বহুতো আশা কৰ্মী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ ফলত সমগ্ৰ পৰিবেশটো উৎসৱম
আশা অভিবৰ্তন ২০২৫–২০২৬ অনুষ্ঠিত


আশা অভিবৰ্তন ২০২৫–২০২৬ অনুষ্ঠিত


শোণিতপুৰ, ১১ মাৰ্চ (হি.স.)। নদুৱাৰ বিধানসভা সমষ্টিত আজি “আশা অভিবৰ্তন ২০২৫–২০২৬” অনুষ্ঠানটো জামুগুৰিহাটৰ অন্তৰ্গত বাপুজি ভৱনত উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হয়। নদুৱাৰ বিভিন্ন অঞ্চলৰ পৰা বহুতো আশা কৰ্মী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ ফলত সমগ্ৰ পৰিবেশটো উৎসৱমুখৰ হৈ উঠে।

অনুষ্ঠানটো উদ্বোধন কৰে নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তেওঁ নিজৰ বক্তব্যত আশা কৰ্মীসকলক স্বাস্থ্য বিভাগৰ এক গুৰুত্বপূৰ্ণ শক্তি বুলি অভিহিত কৰি গাঁও তথা দূৰৱৰ্তী অঞ্চলসমূহত স্বাস্থ্যসেৱা জনসাধাৰণৰ কাষলৈ নিয়াত তেওঁলোকৰ অৱদানৰ উচ্চ প্ৰশংসা কৰে। মাতৃ আৰু শিশুৰ সুৰক্ষা, টিকাকৰণ অভিযান, পৰিয়াল পৰিকল্পনা আদি বিভিন্ন স্বাস্থ্য কাৰ্যসূচীৰ সফল ৰূপায়ণত আশা কৰ্মীসকলৰ সক্ৰিয় ভূমিকা আছে বুলিও তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত মহকুমা স্বাস্থ্য বিষয়া (উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ) ডা: পলাশ মণি কেওঁত, উপ অধীক্ষক (উত্তৰ জামুগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰ) ডা: অলিমা নাথ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, শোণিতপুৰৰ বিষয়ববীয়া, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ উত্তৰ জামুগুৰিৰ বিষয়ববীয়া আৰু বহুতো আশা কৰ্মী উপস্থিত থাকে। লগতে স্বাস্থ্য বিভাগৰ আন বহুতো কৰ্মচাৰী আৰু গণ্যমান্য ব্যক্তিসকলেও অনুষ্ঠানত অংশ লয়।

অনুষ্ঠানত বক্তাসকলে আশা কৰ্মীসকলৰ নিষ্ঠা, সহনশীলতা আৰু মানৱীয় সেৱাৰ মনোভাৱৰ বিশেষ শলাগ লয়। গৃহে গৃহে গৈ স্বাস্থ্য সচেতনতা বৃদ্ধি কৰা, গৰ্ভৱতী মাতৃসকলক পৰামৰ্শ আগবঢ়োৱা, নবজাতক আৰু শিশুসকলৰ যত্ন লোৱা আৰু বিভিন্ন ৰাষ্ট্ৰীয় স্বাস্থ্য আঁচনিৰ ৰূপায়ণত সহায় কৰা ক্ষেত্ৰত আশা কৰ্মীসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা হয়।

এই উপলক্ষে আশা কৰ্মীসকলৰ কৰ্ম অধিক সহজ আৰু তথ্য-প্ৰযুক্তি নিৰ্ভৰ কৰি তোলাৰ উদ্দেশ্যে তেওঁলোকক একোটাকৈ মোবাইল ফোন প্ৰদান কৰা হয়। এই ফোনসমূহৰ জৰিয়তে তেওঁলোকে অনলাইন তথ্য প্ৰেৰণ, ৰোগীৰ তথ্য সংৰক্ষণ, টিকাকৰণ সম্পৰ্কীয় তথ্য আপডেট কৰা আদি কাম অধিক দ্রুত আৰু সুশৃঙ্খলভাৱে সম্পন্ন কৰিব পাৰিব।

অনুষ্ঠানটোৱে আশা কৰ্মীসকলৰ মাজত নতুন উৎসাহ আৰু প্ৰেৰণাৰ সঞ্চাৰ কৰাৰ লগতে স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ দিশতো এক ইতিবাচক পদক্ষেপ হিচাপে পৰিগণিত হয়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande