
– উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মহাৰাজ পৃথু উৰণ সেতু উদ্বোধন
গুৱাহাটী, ১০ মার্চ (হি.স.)। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ ৪০ লাখ অৰুণোদয় পৰিয়ালৰ প্ৰতিটো পৰিয়ালক ৯,০০০ টকাকৈ একত্র ধনৰাশি প্রত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে প্রদান কৰে ।
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ২০১৯-২০ চনত অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ সময়ত কোভিড মহামাৰীৰ ভয়াবহতা অব্যাহত আছিল । সেই সময়ত স্বাস্থ্যমন্ত্রী হিচাপে পিপিই কিট পিন্ধি হাস্পটালত ৰোগীৰ দুখ-বেদনাৰ বুজ লোৱা, শ্মশানলৈ গৈ কোভিডত মৃত্যু হোৱা লোকৰ সৎকাৰ সম্পৰ্কীয় বাধা দূৰ কৰা আৰু বিত্ত মন্ত্ৰী হিচাপে ব্যৱসায়ীসকলৰ আৰ্থিক ক্ষতিৰ বিষয়ে অৱগত হোৱাৰ কথা উল্লেখ কৰি ড০ শৰ্মাই কয় যে সেই সময়ত জীৱন আৰু জীৱিকাৰ সংঘাত হৈছিল ।
জীৱিকাৰ তাড়নাত একাংশ লোকে লকডাউন হ'ব নালাগে বুলি কৈছিল। তেনে এক জটিল সময়তে অৰুণোদয় আঁচনিখন আৰম্ভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে কোভিডৰ সময়ত আটাইতকৈ কষ্ট হৈছিল মহিলাসকলৰ । মহিলাসকলে এটকা দুটকাকৈ জমা কৰা ধন পৰিয়াল চলাবলৈ উলিয়াই দিবলগীয়া হৈছিল । অসমৰ মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ উদ্দেশ্য লৈ অৰুণোদয় আঁচনিখন আৰম্ভ কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রথমতে ৮৩০ টকাকৈ ১৮ লাখ মহিলাৰ বেংক একাউন্টত দিয়া হৈছিল ।
প্ৰধানমন্ত্ৰীয়ে দূৰদৰ্শিতাৰে আৰম্ভ কৰা জন ধন আঁচনিৰ অধীনত সকলো মহিলাই বেংক একাউন্ট খোলাৰ বাবেই অৰুণোদয় আঁচনি সফল হোৱা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ত হিতাধিকাৰীৰ তালিকাত কিছু খেলিমেলি আছিল । বিসংগতিবোৰ দূৰ কৰাৰ বাবে এনএছএছৰ জৰিয়তে সমীক্ষা কৰা হৈছিল । তালিকাৰ সংশোধনী কৰি আৰু বাদ পৰি যোৱা বহু মহিলাক অন্তর্ভুক্তিৰে অৰুণোদয় আঁচনিৰ দ্বিতীয় পৰ্যায়ত ২৪ লাখ মহিলাক সামৰি লোৱা হ'ল আৰু ধনৰ পৰিমাণো ১০০০ টকালৈ বৃদ্ধি কৰা হ'ল । পুনৰ এবাৰ হিতাধিকাৰী মহিলাৰ সংখ্যা বৃদ্ধি কৰি ৰাজ্যৰ যোগ্য ৯০ শতাংশ মহিলাক সামৰি আৰম্ভ কৰা অৰুণোদয় ৩.০ ৰ জৰিয়তে এতিয়া ৪০ লাখ মহিলাই ১,২৫০ টকাকৈ লাভ কৰি আছে । পৰৱৰ্তী সময়ত অৱশিষ্ট ১০ শতাংশ মহিলাকো আৰুণোদয় আঁচনিৰ অধীনত সমাৰি লোৱা হ'ব।
অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলক ব'হাগ বিহু উদ্যাপনৰ বাবে ৯ হাজাৰ টকাকৈ দিয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে এতিয়ালৈকে আঁচনিখনৰ বাবদ ১৭ হাজাৰ কোটি টকা মোকলাই দিয়া হৈছে আৰু আজিৰ দিনটোতে অসমৰ মহিলাসকলে মুঠ ৩,৬০০ কোটি টকা লাভ কৰিছে ।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সোণাপুৰৰ বিজ্ঞান নগৰীত ভার্চুৱেলি কামৰূপ, বঙাইগাঁও, মাজুলী, কাছাৰ আৰু নগাঁও জিলা বিজ্ঞান কেন্দ্ৰৰ উদ্বোধন কৰে। অসম চৰকাৰৰ অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগে ৰূপায়ণ কৰা এই জিলা বিজ্ঞান কেন্দ্ৰসমূহত তাৰকাগৃহ, কাৰ্যালয় ভৱন, প্রেক্ষাগৃহ, কৰ্মচাৰী ভৱন সমূহ থকাৰ উপৰিও প্ৰতিটো জিলা বিজ্ঞান কেন্দ্রত ৫ খন বিষয়ভিত্তিত প্রদর্শনী, এখন ৰং ধেমালিৰ বিজ্ঞান প্রদর্শনী আৰু উদ্ভাৱন কেন্দ্র থাকিব।
ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী মহানগৰৰ নুনমাটিৰ পৰা দিঘলীপুখুৰীলৈকে নিৰ্মিত উত্তৰ-পূৰ্বাঞ্চলৰ দীর্ঘতম উৰণ সেতু মহাৰাজ পৃথু উৰণ সেতু উদ্বোধন কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত কেৱল গুৱাহাটী মহানগৰীতে ১২ খন উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে ।
অসমৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে বিগত সময়ছোৱাত জনহিতকৰ কল্যাণকামী আঁচনি ৰূপায়ণ কৰা, ৰাস্তা-ঘাট নির্মাণ, আন্তঃগাথনি নিৰ্মাণ আদিকে ধৰি সকলো দিশতে অসমক ভাৰতবৰ্ষৰ ৫ খন ৰাজ্যৰ ভিতৰত সন্নিবিষ্ট কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা বহু খোজ আগুৱাই গ'ল বুলি ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট অমল নাৰায়ণ পাটোৱাৰীয়ে বিবৃতিটোত উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী