
কলকাতা, ১০ মাৰ্চ (হি.স.)। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে মঙলবাৰে কয় যে এইবাৰৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচন সম্পূৰ্ণ ন্যায্য আৰু হিংসামুক্ত হ’ব। তেওঁ ভোটাৰসকলক আশ্বাস দিয়ে যে তেওঁলোকে কোনো ধৰণৰ ভয় বা হেঁচা নোহোৱাকৈয়ে নিজৰ ভোটাধিকাৰ ব্যৱহাৰ কৰিব পাৰিব।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, পশ্চিম বংগত থকা মোৰ সকলো ভাই-ভনীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ৰাজ্যখনত এইবাৰৰ বিধানসভা নিৰ্বাচন সম্পূৰ্ণ ন্যায্য আৰু হিংসামুক্ত হ'ব। ভোটাৰে কোনো ভয় বা হেঁচা নোহোৱাকৈ ভোটদান কৰিব পাৰিব ।
মঙলবাৰে পুৱা স্বামী বিবেকানন্দৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ আন্তঃৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয় হাওৰাস্থিত বেলুৰ মঠত উপস্থিত হয় মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকী । এই ভ্ৰমণৰ অন্তত নিৰ্বাচন আয়োগৰ পূৰ্ণ বিচাৰপীঠে ৰাজ্য চৰকাৰৰ শীৰ্ষ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব ।
এই বৈঠকত মুখ্য সচিব নন্দিনী চক্ৰৱৰ্তী আৰু ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান পীয়ুষ পাণ্ডেকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকিব । এই বৈঠকত নিৰ্বাচন সম্পৰ্কীয় প্ৰস্তুতি আৰু আইন-শৃংখলাৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰা হ’ব। ইয়াৰ পিছতে মুখ্য নিৰ্বাচন আয়ুক্তই সংবাদমেলতো ভাষণ দিব। নির্বাচন আয়োগৰ পূর্ণ বিচাৰপীঠে সন্ধিয়াৰ ভাগত পুনৰ দিল্লীলৈ উভতি আহিব ৷
ইফালে, ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণৰ সৈতে জড়িত বিষয়টো মঙলবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই শুনানি বিয়লি ৩ বজাৰ পৰা মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ জয়মল্য বাগচি, ন্যায়াধীশ নিলয় বিপিনচন্দ্ৰ অঞ্জৰিয়াক লৈ তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।
বৰ্তমান ভোটাৰ তালিকা পুনৰীক্ষণৰ সৈতে জড়িত নথি-পত্ৰৰ ন্যায়িক তদন্ত চলি আছে, চুবুৰীয়া ৰাজ্য ঝাৰখণ্ড আৰু ওড়িশাৰ ১০০ জনকৈ বিষয়াকে ধৰি ৭৩২ জন ন্যায়িক বিষয়া নিয়োজিত হৈছে । নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে অনুমান কৰিছে যে বৰ্তমানৰ গতিত এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পূৰ্বে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো কঠিন হ’ব ।
ইফালে, ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণৰ বিৰুদ্ধে কলকাতাৰ এস্প্লেনেড ইষ্টত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অৱশ্যে তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা লোকসভাৰ সদস্য অভিষেক বেনাৰ্জীয়ে তেওঁৰ বয়স আৰু স্বাস্থ্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীক প্ৰতিবাদৰ অন্ত পেলাবলৈ অনুৰোধ জনাইছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া