
চেন্নাই, ১০ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ ফলত ৰন্ধন গেছৰ যোগানত প্ৰভাৱ পৰিছে, যাৰ ফলত দেশজুৰি গেছ চিলিণ্ডাৰৰ নাটনি হৈছে। ইয়াৰ ফলত তামিলনাডুৰ হোটেল মালিকসকলৰ মাজত উদ্বেগ সৃষ্টি হৈছে। তামিলনাডু হোটেল সন্থাই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীলৈ পত্ৰ প্ৰেৰণ কৰি ৰাজ্যখনত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিবলৈ দাবী জনাইছে।
তামিলনাডু হোটেল এছ’চিয়েশ্যনে এক বিবৃতি প্ৰকাশ কৰি উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে সকীয়াই দিয়ে যে যদি হঠাতে চিলিণ্ডাৰৰ যোগান বন্ধ হৈ যায় তেন্তে হোটেল, ৰেষ্টুৰেণ্ট, কেটাৰিং সেৱা বন্ধ কৰিবলৈ বাধ্য হ’ব পাৰে। সংস্থাটোৱে কয় যে ইয়াৰ ফলত খাদ্য যোগানত প্ৰভাৱ পৰিব আৰু বহু চাকৰি হেৰুৱাব পাৰে। হোটেল এছ’চিয়েশ্যনে অভিযোগ কৰে যে বাণিজ্যিক চিলিণ্ডাৰৰ যোগান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। তেওঁলোকে লগতে কয় যে চিলিণ্ডাৰ যোগানত ব্যাঘাত জন্মালে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলৰ যথেষ্ট আৰ্থিক লোকচান হ’ব।
তেওঁ উল্লেখ কৰে যে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যও হঠাতে বৃদ্ধি পাইছে আৰু ইয়াৰ যোগানত প্ৰভাৱ পৰিছে। পূৰ্বে গেছ চিলিণ্ডাৰ বুকিং কৰাৰ দুদিনৰ ভিতৰতে হোটেলসমূহে ডেলিভাৰী লাভ কৰিছিল যদিও এতিয়া ১৫ দিনৰ পাছতো চিলিণ্ডাৰ ডেলিভাৰী নোহোৱাত হোটেলৰ মালিকৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
এই বিষয়ত কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে হোটেল সন্থাই। তেওঁলোকৰ পত্ৰত তেওঁলোকে লিখিছে যে কেন্দ্ৰীয় চৰকাৰে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ নিৰৱচ্ছিন্ন উপলব্ধতা আৰু হোটেলত নিয়মীয়াকৈ যোগান ধৰাটো নিশ্চিত কৰিব লাগে।
উল্লেখযোগ্য যে প্ৰতি মাহৰ আৰম্ভণিতে গেছ চিলিণ্ডাৰৰ দাম নিৰ্ধাৰণ কৰা হয়। এইবাৰ ১ মাৰ্চত বৃদ্ধি পালে ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে ১,৮৯৯ টকাত বিক্ৰী হৈ থকা চিলিণ্ডাৰটো ২৯.৫০ ₹ বৃদ্ধি কৰি ১ মাৰ্চত ১,৯২৯ ₹লৈ বৃদ্ধি কৰা হয়। ইয়াৰ পাছত এসপ্তাহৰ ভিতৰতে পুনৰ দাম বহু পৰিমাণে বৃদ্ধি পালে। ৭ মাৰ্চত এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ₹১১৪.৫০ বৃদ্ধি কৰাত ইয়াৰ দৰ ২,০৪৩ ₹ হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া