গৌৰীপুৰত আৰক্ষীৰ অভিযানত ১০টা চোৰাং গৰু সহ তিনি জনক আটক
ধুবুৰী, ১০ মাৰ্চ (হি.স.)। গৌৰীপুৰত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত ১০টাকৈ চোৰাং গৰু ভৰ্তি বাহন সহ তিনিজনক আটক। দুমৰদহ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত গৌৰীপুৰ আৰক্ষীৰ অভিযান।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত আৰক্ষী অভিযান চলাই চোৰাং গৰু স
গৌৰীপুৰত আৰক্ষীৰ অভিযানত ১০টা চোৰাং গৰু সহ তিনি জনক আটক


ধুবুৰী, ১০ মাৰ্চ (হি.স.)। গৌৰীপুৰত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত ১০টাকৈ চোৰাং গৰু ভৰ্তি বাহন সহ তিনিজনক আটক।

দুমৰদহ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত গৌৰীপুৰ আৰক্ষীৰ অভিযান।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত আৰক্ষী অভিযান চলাই চোৰাং গৰু সহ সৰবৰাহকাৰী কেইজনক আটক কৰিব সক্ষম হয়

পশ্চিম বংগৰ পৰা চাৰিচকীয়া মালবাহী বাহনেৰে চোৰাং গৰু কেইটা সৰবৰাহৰ চেষ্টা। চোৰাং গৰু সৰবৰাহ কৰা বাহন খনৰ নম্বৰ এএছ ১৯ চি-৮৯৯৭।

সৰবৰাহকাৰী কেইজনৰ নাম ঠিকনা বৰ্তমানো জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande