
ডিব্ৰুগড়, ১০ মাৰ্চ (হি.স.)। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত টিংখাঙৰ শলগুৰি অঞ্চল: ১৫ খন গাঁৱৰ আইসকলৰ অংশগ্ৰহণেৰে বিশাল 'আই নাম' অনুষ্ঠান
ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত ৩ নং শলগুৰি গাঁৱত ভক্তিৰসেৰে এক উখল-মাখল আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। 'শ্ৰী শ্ৰী বৈকুণ্ঠ পুৰী শলগুৰি আই ন সত্ৰ'ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৱাকালিৰে পৰা দুদিনীয়াকৈ এখন বিশাল 'আই নাম' অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই পবিত্ৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১৫ খনো অধিক গাঁৱৰ আইসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি একগোট হৈ আইনাম জুৰে।
আইসকলৰ এই ভক্তিপূৰ্ণ সমাগম আৰু নাম-কীৰ্তনে সমগ্ৰ শলগুৰি অঞ্চলটোক যেন এক দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত কৰিছে।
উল্লেখযোগ্য যে, ২০২৪ চনৰ শেষৰ ফালে শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ দ্বাৰা এই আই থানভাগি প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰৱল আধ্যাত্মিক বিশ্বাস আৰু ভক্তসকলৰ মুখে মুখে হোৱা প্ৰচাৰৰ ফলতেই আজি এই সত্ৰখনে এক বিশাল ৰূপ ধাৰণ কৰিছে। সমাজৰ পৰম্পৰাগত ৰীতি-নীতি, বসন্ত বা খৰ-খজুৱতিৰ দৰে ৰোগৰ নিৰাময়ৰ বাবে থকা প্ৰাচীন বিশ্বাস আৰু আইসকলৰ নাম-কীৰ্তন নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ এক মহান উদ্দেশ্য আগত ৰাখিয়েই এই প্ৰয়াস কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা