জলসিঞ্চন প্ৰকল্পৰ বিপৰীতে ছিপাঝাৰত কৃষক ৰাইজৰ নিজাববীয়াকৈ কৃষি পথাৰৰ পানীৰ ব্যৱস্থা
দৰং, ১০ মাৰ্চ (হি.স.)। দৰং জিলাৰ ননৈ বোৱতী উত্তোলক জলসিঞ্চন প্ৰকল্পৰ নামত কোটি কোটি টকা চৰকাৰী ধন খৰচ কৰা হৈছে যদিও ইয়াৰ পৰা উপকৃত হোৱা নাই কৃষক ৰাইজ। কাৰণ এনে বিয়াগোম জলসিঞ্চনৰ প্ৰকল্প থকাৰ পিছতো ছিপাঝাৰ সমষ্টিৰ কেইবাখনো গাঁৱৰ কৃষক ৰাইজে নিজাবব
জলসিঞ্চন প্ৰকল্পৰ বিপৰীতে ছিপাঝাৰত কৃষক ৰাইজৰ নিজাববীয়াকৈ কৃষি পথাৰৰ পানীৰ ব্যৱস্থা


দৰং, ১০ মাৰ্চ (হি.স.)। দৰং জিলাৰ ননৈ বোৱতী উত্তোলক জলসিঞ্চন প্ৰকল্পৰ নামত কোটি কোটি টকা চৰকাৰী ধন খৰচ কৰা হৈছে যদিও ইয়াৰ পৰা উপকৃত হোৱা নাই কৃষক ৰাইজ। কাৰণ এনে বিয়াগোম জলসিঞ্চনৰ প্ৰকল্প থকাৰ পিছতো ছিপাঝাৰ সমষ্টিৰ কেইবাখনো গাঁৱৰ কৃষক ৰাইজে নিজাববীয়াকৈ কৰিব লগা হৈছে কৃষি পথাৰৰ পানীৰ ব্যৱস্থা।

সমষ্টিটোৰ সানোৱা, কানিদল, খান্দাজান আদিকে ধৰি কেইবাখনো গাঁৱৰ কৃষক ৰাইজক পানী যোগানৰ বাবে স্থাপন কৰা এই আঁচনি খন এতিয়া সম্পূৰ্ণ জহি-খহি গৈছে। বিপৰীতে ৰাইজে বৃহত্তৰ অঞ্চলটোৰ কৃষি পথাৰত কৰা বড়ো খেতিত নিজৰ অৰ্থ ব্যয়ৰে কৰিব লগা হৈছে পানী যোগানৰ ব্যৱস্থা ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande