
নতুন দিল্লী, ১০ মাৰ্চ (হি.স.)। নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ)ক লৈ মঙলবাৰে ৰাজ্যসভাত হুলস্থুলৰ সৃষ্টি কৰে বিৰোধীয়ে। শাসকীয় দল আৰু বিৰোধীৰ মাজত উত্তপ্ত তৰ্ক বিতৰ্ক হয়। ইয়াৰ পিছতে বিৰোধীয়ে সদন ত্যাগ কৰে ।
ৰাতিপুৱা ১১ বজাত ৰাজ্যসভাৰ কাৰ্য্যবিধি আৰম্ভ হোৱাৰ লগে লগে প্ৰয়োজনীয় নথি-পত্ৰ আৰু প্ৰতিবেদন দাখিল কৰা হয়। শূন্য ঘন্টা আৰম্ভ হোৱাৰ লগে লগে বিৰোধীয়ে এছআইআৰ বিষয়ত আলোচনাৰ দাবী জনায়। ৰাজ্যসভাত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে কেইবাখনো ৰাজ্যত চলি থকা এছ আই আৰক লৈ প্ৰশ্ন উত্থাপন কৰে। এই প্ৰক্ৰিয়াটোক ‘প্ৰৱঞ্চনা’ বুলি অভিহিত কৰি খাৰ্গে কয় যে ইয়াৰ ফলত নিৰ্বাচনী তালিকাৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু বহু বৈধ ভোটাৰৰ নাম আঁতৰোৱা হৈছে। তেওঁ চৰকাৰক স্পষ্টীকৰণ দিয়াৰ লগতে প্ৰক্ৰিয়াটোৰ বিষয়ে আলোচনা কৰিবলৈ দাবী জনায়।
বিৰোধীৰ অভিযোগ নাকচ কৰি সদনৰ নেতা জে পি নড্ডাই কয় যে পূৰ্বৰ অধিৱেশনত ইতিমধ্যে নিৰ্বাচনী সংস্কাৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। বিৰোধীয়ে সংসদৰ কাম-কাজ ব্যাহত কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে বাৰে বাৰে এনে বিষয় উত্থাপন কৰাটো উপযুক্ত নহয়। বিৰোধীয়ে সদনৰ ভিতৰত প্ৰকৃত বিতৰ্ক নিবিচাৰে আৰু বাৰে বাৰে হুলস্থুলৰ সৃষ্টি কৰি কাৰ্য্যবিধি বিঘ্নিত কৰে।
বিৰোধীৰ ৱাকআউটক সমালোচনা কৰি নড্ডাই কয় যে সদনৰ পৰা ওলাই আহি বিৰোধীয়ে যে অৰ্থপূৰ্ণ আলোচনা নিবিচাৰে সেই কথা পুনৰবাৰ প্ৰমাণ কৰিছে। বিৰোধীৰ মনোভাৱ দায়িত্বহীন। তেওঁলোকে অৰাজকতাত বিশ্বাস কৰে। সংসদে বিষয়সমূহৰ ওপৰত বিতৰ্কৰ যথেষ্ট সুযোগ প্ৰদান কৰে যদিও আলোচনাৰ পৰিৱৰ্তে বিৰোধীয়ে প্ৰতিবাদ আৰু সদন ত্যাগৰ পথ বাছি লৈছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia