
কামৰূপ, ১০ মাৰ্চ (হি.স.)। হাজোৰ খোপনীকুছি অঞ্চলত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে। এজন নিহত আৰু এজন আহত হৈছে। নলবাৰী দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত এএছ ১৪ অ-৭৭০০ নম্বৰৰ ৱেগনাৰ গাড়ী খনে এখন বাইকত সন্মুখৰ পৰা খুণ্ডা মৰাৰ ফলত এজন বাইক আৰোহী নিহত আৰু এজন আহত হয়।
নিহত ব্যক্তি জনক আফছাৰ আলী ওৰফে আল্টাফ আলী আৰু আহত ব্যক্তি গৰাকীক আফছাৰ আলীৰ পত্নী মনোৱাৰা বেগম বুলি জানিব পৰা গৈছে।
বৰ্তমান আহত গৰাকীক আমিনগাও পাটনা অৰ্থপেডিক এণ্ড মাল্টিস্পেচিয়েল্টি হস্পিতালত সংকত জনক অৱস্থাত ভৰ্তি কৰা হৈছে। উল্লেখ্য যে কোৱাৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আফছাৰ আলীয়ে পত্নীৰ সৈতে ছোৱালীৰ ঘৰত খবৰ লোৱাৰ বাবে বাইকত গৈছিল । খোপনীকুছিত সংঘটিত হয় দূৰ্ঘটনাটো।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা