
বাক্সা, ১০ মাৰ্চ (হি.স.)। বাক্সাৰ শালবাৰীৰ বাৰাপেটাত সৰ্প দংশনত এজনৰ কৰুণ মৃত্যু। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাৰাপেটা গাঁৱত সৰ্প দংশনৰ ফলত এজন ব্যক্তিৰ অকাল মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। মৃত ব্যক্তি গৰাকীৰ নাম সমীৰ সৰকাৰ (৪৫) বুলি জানিব পৰা গৈছে। তেওঁৰ পিতৃৰ নাম ক্ষিতীশ সৰকাৰ।
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে বিয়লি নিজৰ খেতি পথাৰত কাম কৰি থকা অৱস্থাত সমীৰ সৰকাৰক কিবা বিষাক্ত বস্তুৱে দংশন কৰা বুলি তেওঁ অনুভৱ কৰে। তাৎক্ষণিকভাৱে তেওঁক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁ কালি শেষ নিশ্বাস ত্যাগ কৰে। চিকিৎসকে জনোৱা মতে, কোনো বিষাক্ত সাপে কামোৰাৰ ফলতেই তেওঁৰ মৃত্যু ঘটে৷
এই সন্দৰ্ভত স্থানীয় এজন গাওবাসী সংবাদ মাধ্যমৰ আগত কয়, খুবেই দুখৰ বিষয় যে আমাৰ বাৰাপেটা গাঁৱৰ এজন উদীয়মান ব্যক্তিক আমি হেৰুৱালোঁ। কালি পথাৰত পানী দি থকা অৱস্থাতে তেওঁক বিষাক্ত সাপে দংশন কৰিছিল। ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁক বচাব পৰা নগ’ল।এই শোকাবহ ঘটনাই বাৰাপেটা গাঁও তথা সমগ্ৰ অঞ্চলতে এক ম্লান পৰিৱেশৰ সৃষ্টি কৰিছে। এগৰাকী কষ্টসহিষ্ণু লোক হিচাপে পৰিচিত সমীৰ সৰকাৰৰ মৃত্যুত স্থানীয় বিভিন্ন দল-সংগঠনেও শোক প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা