কলিয়াবৰৰ কুলিডুঙাত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত
নগাঁও, ১০ মাৰ্চ (হি.স.)। কলিয়াবৰৰ কুলিডুঙাত কালি বিয়লি সংঘটিত হই ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত উফৰি পৰিল চাইকেল আৰোহী। নলতলীৰ পৰা ধিং সংযোগী ৰাজ্যিক ঘাইপথত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো। আমবাগান অভিমুখী চাইকেল আৰোহী জনক বিপৰীত দিশৰ
কলিয়াবৰৰ কুলিডুঙাত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত


নগাঁও, ১০ মাৰ্চ (হি.স.)। কলিয়াবৰৰ কুলিডুঙাত কালি বিয়লি সংঘটিত হই ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত উফৰি পৰিল চাইকেল আৰোহী। নলতলীৰ পৰা ধিং সংযোগী ৰাজ্যিক ঘাইপথত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো। আমবাগান অভিমুখী চাইকেল আৰোহী জনক বিপৰীত দিশৰ পৰা অহা বাইকে খুন্দিওৱাৰ দৃশ্য বন্দী চিচিটিভি ৰ কেমেৰাত।

ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত আহত লোক জনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। চিকিৎসালয়ত মৃত্যু হয় চাইকেল আৰোহী। আহত চাইকেল আৰোহী গৰাকীৰ পৰিচয় লাভ কৰা নাই। দুৰ্ঘটনা গ্ৰস্থ বাইক খনৰ নম্বৰ হৈছে এএছ ০২কে ৭২৬০।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande