
গোলাঘাট, ১০ মাৰ্চ (হি.স.)। গোলাঘাট জিলাৰ নুমলীগড়ৰ তিনি যুৱকে ৰঙালাওৰ খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে । এশ বিঘা মাটিত ৰঙলাও খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে। আনকি উত্তৰ প্ৰদেশলৈও পঠিয়াইছে ৰঙালাও । ইফালে নিশা গছৰ ওপৰতে থাকি যুৱক কেইজনে খেতি পথাৰৰ সুৰক্ষা দিয়ে ।
উল্লেখ্য যে নুমলীগড়ৰ নপথাৰৰ বিশাল কৃষিভূমিত ৰাতুল, আদিত্য আৰু মোহন সোণোৱাল নামৰ এই তিনিজন যুৱকে গঢ়ি তুলিছে কৃষি বিপ্লৱ । বৰ্তমান তেওঁলোকে উত্তৰ প্ৰদেশলৈও পঠিয়াইছে ৰঙালাও । পাচৰ পৰা ছয় লাখ টকা বৰ্তমানলৈকে লাভ কৰিছে । বনৰীয়া হাতীয়ে খেতি নষ্ট কৰে বাবেই তেওঁলোকে গচৰ ওপৰত টঙী ঘৰ সাজি নিশা তাতেই কটায় । এই তিনিজন অসমীয়া যুৱকৰ কৃষি কাৰ্য আন দহজনৰ বাবেও আদৰ্শ হৈ পৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা