টীয়ক মৰিয়নীৰ চিন্তামণি গড়ৰ বিভিন্ন প্ৰান্তত ৰাইজৰ লগত মত বিনিময় ড০ জ্ঞানাশ্ৰি বৰাৰ।
যোৰহাট, ১০ মাৰ্চ (হি.স.)। টীয়ক মৰিয়নীৰ চিন্তামণি গড়ৰ বিভিন্ন প্ৰান্তত ৰাইজৰ লগত মত বিনিময় ড০ জ্ঞানাশ্ৰি বৰাৰ। আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ড০ জ্ঞানাশ্ৰি বৰাই নিশা যোৰহাট জিলাৰ চিন্তামণি গড় পঞ্চ
টীয়ক মৰিয়নীৰ চিন্তামণি গড়ৰ বিভিন্ন প্ৰান্তত ৰাইজৰ লগত মত বিনিময় ড০ জ্ঞানাশ্ৰি বৰাৰ।


যোৰহাট, ১০ মাৰ্চ (হি.স.)। টীয়ক মৰিয়নীৰ চিন্তামণি গড়ৰ বিভিন্ন প্ৰান্তত ৰাইজৰ লগত মত বিনিময় ড০ জ্ঞানাশ্ৰি বৰাৰ।

আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ড০ জ্ঞানাশ্ৰি বৰাই নিশা যোৰহাট জিলাৰ চিন্তামণি গড় পঞ্চায়তৰ অন্তৰ্গত জেলেঙিটোপত এখনি ক্ৰিকেট খেলৰ উদ্বোধনী কৰাৰ লগতে চিন্তামণি গড়ত বহু কেইখন সভাত ৰাইজৰ লগত মত বিনিময় কৰে।

সক্ৰিয় ৰাজনীতিলৈ পোন প্ৰথম বাৰৰ বাবে অহা ড০ জ্ঞানাশ্ৰি বৰাই সমষ্টিৰ ৰাইজৰ অভাৱ অভিযোগ সমূহ পূৰণ কৰাৰ স্বাৰ্থত আগন্তুক দিনত কাম কৰিব বুলি মন্তব্য প্ৰকাশ কৰে। বিশেষকৈ ৰাইজৰ প্ৰধানকৈ বান পানীৰ সমস্যা, ৰাইজক বিশুদ্ধ খোৱা পানী যোগান, উন্নত চিকিৎসালয় নিৰ্মাণ আদিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদানেৰে সমষ্টি উন্নয়নৰ হকে কাম কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

নতুন প্ৰজন্মৰ মাজত বিশেষ ভাৱে জনপ্ৰিয় বৰাই ইতিমধ্যেই ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande