
নতুন দিল্লী, ১০ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে মঙলবাৰে দুপৰীয়া ১২ বজালৈ সংসদ স্থগিত ৰখা হয়। বিৰোধীয়ে এই বিষয়ত আলোচনাৰ দাবী জনায়। লোকসভাৰ নেতা ৰাহুল গান্ধীয়ে পশ্চিম এছিয়াৰ সংকটক লৈ চৰ্চাৰ দাবী জনায়। বিৰোধী দলৰ সদস্যসকলে শ্লোগান দি এই বিষয়ত চৰকাৰৰ পৰা বক্তব্য আৰু আলোচনাৰ দাবী জনায়।
ইফালে, বিৰোধীয়ে আজি লোকসভাত অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ কথা। এই প্ৰস্তাৱত পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি তেওঁক পদৰ পৰা অপসাৰণৰ দাবী জনাইছে ।
লোকসভাৰ এজেণ্ডা অনুসৰি বিহাৰৰ কিষানগঞ্জৰ সাংসদ মহম্মদ জাভেদে এই প্ৰস্তাৱ উত্থাপন কৰিব। যিহেতু প্রস্তাৱটোৱে প্রয়োজনীয় ৫০ জন সাংসদৰ সমর্থন লাভ কৰিছে, সেয়েহে ইয়াক মানি লোৱা হৈছে আৰু আজি আলোচনা কৰিব পৰা যাব৷
মন কৰিবলগীয়া যে সোমবাৰে বিৰোধী সদস্যসকলে লোকসভাত হুলস্থুলৰ সৃষ্টি কৰিছিল, পশ্চিম এছিয়াৰ সংকটৰ ওপৰত আলোচনাৰ দাবী জনাইছিল। দুবাৰকৈ স্থগিত ৰখাৰ অন্তত সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। সেই সময়ছোৱাত কংগ্ৰেছ দলৰ সদস্যকে ধৰি বিৰোধী সদস্যসকলে অধ্যক্ষৰ মঞ্চৰ ওচৰত গোট খাই শ্লোগান দি ৰাহুল গান্ধীক ভাষণ দিবলৈ অনুমতি দিবলৈ দাবী জনায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া