
বেংগালুৰু, ১০ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনাই এতিয়া দেশখনৰ হোটেল উদ্যোগক প্ৰভাৱিত কৰিছে । ইৰাণ আৰু ইজৰাইল-আমেৰিকাৰ মাজত চলি থকা সংঘাতৰ বাবে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ যোগান ব্যাহত হৈ বেংগালুৰুৰ হোটেল মালিকসকলৰ বাবে এক ভয়াৱহ সংকটৰ সৃষ্টি কৰিছে। গেছৰ নাটনিৰ বাবে মহানগৰীৰ বহু হোটেল বন্ধৰ ভাবুকিৰ সন্মুখীন হৈছে।
হোটেলৰ মালিকসকলে কয় যে এল পি জিৰ নাটনিৰ ফলত কফি, চাহ, জলপান, খাদ্য আদি সেৱাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। হোটেলৰ ব্যৱসায়টো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল, আৰু ইয়াৰ অবিহনে কাম কৰাটো অসম্ভৱ। ফলস্বৰূপে গেছ যোগানত ব্যাঘাত জন্মালে হোটেল উদ্যোগৰ প্ৰতি যথেষ্ট ভাবুকি কঢ়িয়াই আনিছে।
বেংগালুৰু হোটেল মালিক সন্থাৰ সভাপতি পি.চি. মঙলবাৰে ৰাৱে কয় যে গেছৰ নাটনিৰ বাবে হোটেল উদ্যোগটো ভয়াৱহ সংকটৰ সন্মুখীন হৈছে। তেওঁ কয় যে বহু হোটেল পৰিচালকে পৰ্যাপ্ত এল পি জি চিলিণ্ডাৰ লাভ কৰিব নোৱাৰাৰ ফলত তেওঁলোকৰ হোটেল পৰিচালনাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।
যদিও পূর্বে কেন্দ্রীয় চৰকাৰে দেশত ৬০ৰ পৰা ৭০ দিনৰ এল পি জিৰ মজুত আছে বুলি দাবী কৰিছিল, তথাপিও বাণিজ্যিক গেছ যোগানত ব্যাঘাত জন্মালে হোটেল মালিকসকলৰ মাজত উদ্বেগ সৃষ্টি হৈছে৷ ৰাজ্য চৰকাৰক হস্তক্ষেপ কৰি ক্ষন্তেকীয়া সমাধান বিচাৰিবলৈ আহ্বান জনাইছে হোটেল এছ’চিয়েশ্যনে ।
হোটেল পৰিচালকসকলেও মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়াক কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি শীঘ্ৰে বাণিজ্যিক এল পি জিৰ যোগান পুনৰ ঘূৰাই আনিবলৈ হেঁচা প্ৰয়োগ কৰি হোটেল উদ্যোগক সকাহ প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।
বেংগালুৰু দক্ষিণৰ সাংসদ তেজস্বী সূৰ্য্যইও এই বিষয়ত উদ্যোগ লৈছে। চহৰৰ হোটেলত এল পি জি চিলিণ্ডাৰৰ নাটনি গুৰুতৰ বুলি অভিহিত কৰি তেওঁ এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিছে।
সাংসদগৰাকীয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীলৈ পত্ৰ লিখি এই সমস্যাৰ বিষয়ে অৱগত কৰিছে। তেওঁৰ পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে হোটেল আৰু ৰেষ্টুৰেণ্ট উদ্যোগটোৱে দৈনিক ৰন্ধা-বঢ়াৰ বাবে মূলতঃ বাণিজ্যিক এল পি জিৰ ওপৰত নিৰ্ভৰশীল, যাৰ বাবে এই খণ্ডলৈ গেছৰ অবিৰত যোগান নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ।
তেজস্বী সূৰ্য্যই এই সমস্যা সমাধানৰ বাবে চৰকাৰক শীঘ্ৰে পদক্ষেপ ল’বলৈ আহ্বান জনায়। তেওঁ লগতে ছ’চিয়েল মিডিয়াতো তথ্য শ্বেয়াৰ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে বেংগালুৰুৰ হোটেল উদ্যোগক সকাহ দিয়াৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া