
গোলাঘাট, ১০ মাৰ্চ (হি.স.)। বিলাসী গাড়ীৰ পৰিৱৰ্তে ৰিক্সাত উঠি কাজিৰঙাত উপস্থিত হয় দুই বিদেশী পৰ্যটক। সূদুৰ নিউজিলেণ্ডৰ পৰা অহা জনী আৰু জ দম্পতীয়ে অসম দৰ্শনৰ বাবে বাচি ল'লে ৰিক্সা। মায়াঙৰ পৰা কাজিৰঙাত ৰিক্সাৰে যাত্ৰা কৰি উপস্থিত হৈছে দুয়ো। লক্ষ্য ডিব্ৰুগড়কে আদি কৰি উজনি অসমৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰাটো।
উল্লেখ্য যে মটৰ চালিত বিশেষ ৰিক্সাখনতে সকলো সা-সামগ্ৰী লৈ এই যাত্ৰা আৰম্ভ কৰিছে দুয়োগৰাকীয়ে।গাড়ীৰ পৰিৱৰ্তে তেওলোকে ৰিক্সাৰে যাত্ৰা কৰাৰ উদ্দেশ্যে হৈছে সাধাৰণ মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰি তেওলোকৰ বিষয়ে অধ্যয়ন কৰাটো। মানুহৰ সৈতে যোগাযোগ তথা সম্পৰ্ক স্থাপন কৰিবলৈ এই ৰিক্সাখন ব্যৱহাৰ কৰা বুলি কয় দম্পতীয়ে।
ইপিনে অসমৰ ৰাজপথত তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ এই যাত্ৰা অব্যাহত ৰাখিছে। অসমৰ মানুহৰ সহোযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কাজিৰঙাৰ দৰ্শন কৰাৰ আগ্ৰহ প্ৰকাশ কৰে তেওঁলোকে।
উল্লেখ্যে যে বৰ্তমান গোলকীয়কৰণৰ সময়ত পেট্ৰল-ডিজেলৰ পৰিৱৰ্তে বিকল্প পৰিবহন মাধ্যম ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে বুলিও তেওঁলোকে মত প্ৰকাশ কৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা