

কোকৰাঝাৰ, ১০ মাৰ্চ (হি.স.)। যুৱ সমাজৰ মাজত সাংস্কৃতিক বিনিময়, নেতৃত্ব বিকাশ আৰু পাৰস্পৰিক সম্প্ৰীতি সুদৃঢ় কৰাৰ লক্ষ্যৰে ‘মেৰা যুৱ ভাৰত’ কোকৰাঝাৰ জিলা শাখাৰ উদ্যোগত পাঁচদিনীয়া আন্তঃজিলা যুৱ বিনিময় কাৰ্যসূচী আজি কোকৰাঝাৰত শুভাৰম্ভ হয়। এই কাৰ্যসূচীত কাছাৰ জিলাৰ যুৱ প্ৰতিনিধি সকলেও উৎসাহেৰে অংশগ্ৰহণ কৰে।
কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কোকৰাঝাৰ জিলাৰ টিবি বিষয়া ডা° বিবেক পাণ্ডে। নিজৰ উদ্বোধনী ভাষণত তেওঁ দেশ নিৰ্মাণত যুৱ সমাজৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনে কাৰ্যসূচীৰ জৰিয়তে যুৱসমাজে একে-অপৰক চিনিব, মত-বিনিময় কৰিব আৰু সমাজৰ মাজত ঐক্য-সম্প্ৰীতি অধিক সুদৃঢ় কৰিব বুলি মন্তব্য কৰে।
অনুষ্ঠানত বি.এস.চি.টি.-ৰ উপ-সভাপতি দীপক কুমাৰ বোসেও উপস্থিত থাকি অংশগ্ৰহণকাৰী যুৱক সকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ কোকৰাঝাৰ জিলাৰ ইতিহাস, সামাজিক পৰিবেশ আৰু জনসংখ্যাৰ গঠন সম্পৰ্কে অংশগ্ৰহণকাৰী সকলক অবগত কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে ‘মেৰা যুৱ ভাৰত’ কোকৰাঝাৰ জিলাৰ যুৱ বিষয়া সকলৰ ভিতৰত অন্যতম হিমাংশু কুমাৰে অংশগ্ৰহণকাৰী সকলক স্বাগতম জনাই কয় যে পাঁচদিনীয়া এই কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন আন্তঃক্রিয়াশীল অধিৱেশন, নেতৃত্ব বিকাশৰ কৰ্মশালা, সাংস্কৃতিক বিনিময় অনুষ্ঠান, গোট আলোচনা আৰু শৈক্ষিক ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে। এইবোৰ কাৰ্যকলাপে অংশগ্ৰহণকাৰী সকলক বিভিন্ন সংস্কৃতিৰ বিষয়ে জানিবলৈ, দলগতভাৱে কাম কৰিবলৈ আৰু নেতৃত্ব গুণ বিকাশ কৰিবলৈ সহায় কৰিব।
উপস্থিত যুৱ প্ৰতিনিধি সকলেও এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে কয় যে বিভিন্ন জিলাৰ যুৱ সকলৰ সৈতে একেলগে মত-বিনিময় কৰাৰ জৰিয়তে নতুন অভিজ্ঞতা লাভ কৰাৰ লগতে পৰস্পৰৰ মাজত বন্ধুত্ব গঢ়ি তোলাৰ এক উত্তম সুযোগ সৃষ্টি হৈছে।আয়োজক সকলে জনোৱা মতে, আগন্তুক পাঁচদিন ধৰি বিভিন্ন শিক্ষামূলক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে এই বিনিময় কাৰ্যসূচী অব্যাহত থাকিব। অনুষ্ঠানৰ শেষত ধন্যবাদ জ্ঞাপন আৰু যুৱ প্ৰতিনিধি সকলৰ মাজত এক আন্তঃক্রিয়াশীল অধিৱেশনৰ আয়োজন কৰা হয়।উল্লেখযোগ্য যে এই আন্তঃজিলা যুৱ বিনিময় কাৰ্যসূচীয়ে অঞ্চলটোৰ যুৱ সমাজৰ মাজত সহযোগিতা, নেতৃত্ব গুণ বিকাশ আৰু সাংস্কৃতিক সম্প্ৰীতি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ