ফকিৰাগ্ৰাম পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডত অৰুণোদয় ৩.০ ৰ ধনৰাশি বিতৰণ
কোকৰাঝাৰ, ১০ মাৰ্চ (হি.স.)। ৰাজ্যজুৰি একে সময়তে অনুষ্ঠিত হোৱা অৰুণোদয় ৩.০ আঁচনিৰ ধনৰাশি বিতৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৌৰসভাৰ অধীনস্থ প্ৰতিটো ৱাৰ্ডত হিতাধিকাৰীসকলৰ মাজত ধনৰাশি বিতৰণ কৰা হয়। ৰাজ্যৰ প্ৰায় তিনি হাজাৰ
ফকিৰাগ্ৰাম পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডত অৰুণোদয় ৩.০ ৰ ধনৰাশি বিতৰণ ।


ফকিৰাগ্ৰাম পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডত অৰুণোদয় ৩.০ ৰ ধনৰাশি বিতৰণ ।


কোকৰাঝাৰ, ১০ মাৰ্চ (হি.স.)। ৰাজ্যজুৰি একে সময়তে অনুষ্ঠিত হোৱা অৰুণোদয় ৩.০ আঁচনিৰ ধনৰাশি বিতৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৌৰসভাৰ অধীনস্থ প্ৰতিটো ৱাৰ্ডত হিতাধিকাৰীসকলৰ মাজত ধনৰাশি বিতৰণ কৰা হয়। ৰাজ্যৰ প্ৰায় তিনি হাজাৰ আঠশ স্থানত অনুষ্ঠিত এই কাৰ্যসূচীৰ অংশ হিচাপে ফকিৰাগ্ৰামতো এই অনুষ্ঠান সফলভাৱে ৰূপায়ণ কৰা হয়।ফকিৰাগ্ৰামৰ ছহীদ বেদী সমুহীয় ভবনত আয়োজিত মূল অনুষ্ঠানত পৌৰসভাৰ অন্তৰ্গত বহু সংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ফকিৰাগ্ৰাম পৌৰসভাৰ পৌৰপতি সুলতান আলম উপস্থিত থাকি হিতাধিকাৰীসকলৰ মাজত অৰুণোদয় ৩.০ আঁচনিৰ ধনৰাশি আনুষ্ঠানিকভাৱে বিতৰণ কৰে।এই অনুষ্ঠানত পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডৰ ৱাৰ্ড সদস্যসকলেও উপস্থিত থাকি নিজ নিজ এলেকাৰ হিতাধিকাৰীসকলক ধনৰাশি বিতৰণ কাৰ্যত সহযোগিতা আগবঢ়ায়। বক্তাসকলে কয় যে ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনি দৰিদ্ৰ আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ সহায়ক ব্যৱস্থা হিচাপে পৰিগণিত হৈছে।উল্লেখ্য যে অৰুণোদয় ৩.০ আঁচনিৰ জৰিয়তে বহু পৰিয়ালে নিয়মীয়াকৈ আৰ্থিক সহায় লাভ কৰি দৈনন্দিন জীৱনৰ ব্যয় বহন কৰাত কিছু পৰিমাণে সহায় পাই আহিছে। এই আঁচনিয়ে বিশেষকৈ মহিলা সদস্যৰ নামত সহায় প্ৰদান কৰি পৰিয়ালসমূহৰ আৰ্থিক স্বনির্ভৰতাতো সহায় কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande